• এদিনীয়া বিশ্বকাপঃ নৱৰাত্ৰিৰ বাবেই সলনি কৰা হ’ল ভাৰত-পাকিস্তানৰ খেলৰ তাৰিখ,কেতিয়া হ’ব খেল?

    ক্ৰীড়া
    এদিনীয়া বিশ্বকাপঃ নৱৰাত্ৰিৰ বাবেই সলনি কৰা হ’ল ভাৰত-পাকিস্তানৰ খেলৰ তাৰিখ,কেতিয়া হ’ব খেল?
    ডিজিটেল ডেস্কঃ ভাৰতত অনুষ্ঠিত হ’ব এদিনীয়া বিশ্বকাপ। ভাৰত-পাকিস্তানৰ খেল খনকলৈ ক্ৰিকেটপ্ৰেমীৰ মাজত উৎকণ্ঠা অব্যাহত থকাৰ মাজতে এই খেল খনৰ তাৰিখ সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। জানিব পৰা মতে নৱৰাত্ৰিৰ বাবেই ভাৰত-পাকিস্তানৰ খেলৰ তাৰিখ সলনি কৰা হৈছে। 

    আন্তৰ্জাতিক ক্ৰিকেট কাউন্সিলে  শেহতীয়াকৈ চলিত  বছৰত ভাৰতে আয়োজন কৰিবলগীয়া এদিনীয়া বিশ্বকাপৰ সময়সূচী ঘোষণা কৰিছে। সূচী অনুসৰি প্ৰতিযোগিতাখন ৫ অক্টোবৰৰ পৰা আৰম্ভ হ'ব। আনহাতে ভাৰতীয় দলটোৱে ৮ অক্টোবৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে  প্ৰথমখন খেল খেলিব।

    বিশ্বকাপৰ আকৰ্ষণীয়  খেলখন ভাৰত আৰু পাকিস্তানৰ মাজত হ'ব। খেলখন ১৫ অক্টোবৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু খবৰ অনুসৰি  খেলখনৰ তাৰিখ সলনি কৰা হৈছে।জানিব পৰা মতে ভাৰত আৰু পাকিস্তানৰ মাজত  খেলখন এতিয়া এদিন আগতে অৰ্থাৎ ১৪ অক্টোবৰত অনুষ্ঠিত হ'ব। 

    ইয়াৰ উপৰি বিশ্বকাপৰ সময়সূচীত আন কিছুমান পৰিৱৰ্তন অনা হৈছে। এই সকলোবোৰ পৰিৱৰ্তনৰ কথা শীঘ্ৰে বোৰ্ডে ঘোষণা কৰিব । ভাৰত-পাকিস্তানৰ খেলৰ দিন   নৱৰাত্ৰি উৎসৱৰ বাবে  সলনি কৰা হৈছে। উল্লেখ্য  ১৫ অক্টোবৰ নৱৰাত্ৰি উৎসৱৰ প্ৰথম দিন।