• ভাৰত বনাম দক্ষিণ আফ্ৰিকা টি-২০আইৰ তৃতীয় খন মেচৰ বাবে সাজু টিম ইণ্ডিয়া

    ক্ৰীড়া
    ভাৰত বনাম দক্ষিণ আফ্ৰিকা টি-২০আইৰ  তৃতীয় খন মেচৰ বাবে সাজু টিম ইণ্ডিয়া
    ডিজিটেল ডেস্ক: ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা টি-২০ শৃংখলাত সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকৰ সৈতে চাৰিখন মেচত অৱতীৰ্ণ হ’ব৷ ইতিমধ্যে টি-২০ শৃংখলাটোৰ চাৰিখন মেচৰ দুখন মেচত দুয়োটা দলে এখন এখন মেচত জয়ী হৈ শৃংখলাটো ১-১ পইণ্ট অৰ্জন কৰিছে।

    শৃংখলাৰ প্ৰথমখন টি-২০ মেচত ভাৰতীয়দলটোৱে ৬১ ৰানত জয়লাভ কৰে, দক্ষিণ আফ্ৰিকাই পৰাজয়ৰ মুখ দেখিব ল’গা হোৱাৰ পাছত দ্বিতীয়খন টি-২০ মেচত দক্ষিণ আফ্ৰিকাৰ হাতত ৩ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় টিম ইণ্ডিয়া। 

    ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব শৃংখলাটোৰ তৃতীয়খন টি-২০ আই মেচ, যাৰ বাবে টিম ইণ্ডিয়া উপস্থিত হৈছে দক্ষিণ আফ্ৰিকাৰ চেঞ্চুৰিয়ানত। বিচিচিআইয়ে নিজৰ ৱেবছাইটত খেলুৱৈ সকলৰ ছবি প্ৰকাশ কৰা দেখা গৈছে৷

    উল্লেখযোগ্য যে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত মুঠ ২৯খন টি-২০ আই মেচ অনুষ্ঠিত হৈ গৈছে৷ ২৯ খন মেচত দলে ভাৰতে ১৬খন মেচত জয়লাভ কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাৰ দলটোৱে ১২খন মেচত জয়লাভ কৰে৷ আৰু ২০১৮ চনত এখন মেচ অমীমাংসিত হৈ ৰয়।