• ভাৰতীয় মহিলা মল্লযুঁজাৰুৰ কৃতিত্বঃ ১৭ অনূৰ্ধ্বৰ এছিয়ান ৰেছলিং চেম্পিয়নশ্বিপত ৪টা সোণ, ১টা ব্ৰঞ্জৰ পদক লাভ

    ক্ৰীড়া
    ভাৰতীয় মহিলা মল্লযুঁজাৰুৰ কৃতিত্বঃ ১৭ অনূৰ্ধ্বৰ এছিয়ান ৰেছলিং চেম্পিয়নশ্বিপত ৪টা সোণ, ১টা ব্ৰঞ্জৰ পদক লাভ
    ডিজিটেল ডেস্কঃ এছিয়ান ১৭ অনূৰ্ধ্বৰ ৰেছলিং চেম্পিয়নশ্বিপত ভাৰতীয় মহিলা মল্লযুঁজাৰুসকলে চাৰিটাকৈ সোণৰ পদক লাভ কৰিছে। ৪০ কেজি শাখাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে মুস্কানে। শ্ৰুতিয়ে ৪৮ কেজি শাখাত, ৫৩ কেজি শাখাত ৰীনাই আৰু ৬১ কেজি শাখাত সবিতাই সোণৰ পদক লাভ কৰে। ৬৯ কেজি শাখাত মানসী ভাদনাই ব্ৰঞ্জৰ পদক লাভ কৰিছে।

    ভাৰতীয় পুৰুষৰ ভিতৰত ৪৮ কেজি শাখাত ৰোণিত শৰ্মাই এটা ব্ৰঞ্জৰ পদক লাভ কৰে। ১১০ কেজি শাখাত প্ৰদীপ সিঙে ৰূপৰ পদক আৰু ৬০ কেজি শাখাত মোহিত খোকাই ব্ৰঞ্জৰ পদক লাভ কৰে।

    কিছুদিন পূৰ্বে ৰিঅ’ অলিম্পিকত মল্লযুঁজত সোণৰ পদক লাভ কৰিছিল সাক্ষী মালিকে। ৫ বছৰ অপেক্ষাৰ অন্তত অৱশেষত পুনৰ মল্লযুঁজত সোণৰ পদক লাভ কৰিছে সাক্ষী মালিকে। ইউ ডব্লিউ ডব্লিউ ৰেংকিং ছিৰিজত ভাৰতীয় মহিলা মল্লযুঁজাৰুগৰাকীয়ে এই প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰে। ভাৰতীয় মল্লযুঁজাৰুসকলৰ মাজতো প’ডিয়ামৰ শীৰ্ষত আছিল মানসী আৰু দিব্যা। কিন্তু সাক্ষীৰ প্ৰত্যাৱৰ্তনৰ খবৰটোৱে বিশেষভাৱে ক্ৰিয়া কৰিছে ভাৰতীয় শিবিৰত। ২০১৬ চনৰ ৰিঅ’ অলিম্পিকত পদক বিজয়ী সাক্ষীয়ে  ২০১৭ চনৰ কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰিছিল। অলিম্পিকৰ মঞ্চত সাক্ষীৰ সফলতাই বহুতকে অনুপ্ৰাণিত কৰিছে। ভাৰতীয় মহিলা মল্লযুঁজাৰু সকলৰ শেহতীয়া কৃতিত্বই গৰ্বিত কৰি তুলিছে দেশবাসীক।