• বিপাকত পৰিছে ৰোহিত, পৰাজয়ৰ গলমালাৰ লগতে ভৰিব লাগিব জৰিমনা,সন্মুখীন হ’ব পাৰে নিষেধাজ্ঞাৰ

    ক্ৰীড়া
    বিপাকত পৰিছে ৰোহিত, পৰাজয়ৰ গলমালাৰ লগতে ভৰিব লাগিব জৰিমনা,সন্মুখীন হ’ব পাৰে নিষেধাজ্ঞাৰ
    ডিজিটেল ডেস্কঃ দিন ভালে যোৱা নাই মুম্বাই ইণ্ডিয়ানছৰ। দলটোৰ বিপৰ্যয়ৰ বাবে কঠোৰ বাক্যবাণৰ সন্মুখীন হ’বলগীয়া হৈছে অধিনায়ক ৰোহিত শৰ্মা। এবাৰ দুবাৰ নহয় পাঁচবাৰৰ  আইপিএল চেম্পিয়ন দলটোৰ চলিত আইপিএলত ক্ৰমাগত ৫খন খেলৰ বিপৰ্যয়ে আহত কৰিছে মুম্বাইৰ অনুৰাগীক। এফালে দলটোৰ পৰাজয় আনফালে অনুৰাগীৰ কঠোৰ বাক্যবাণ। জয়-পৰাজয়ৰ এই আলি-দোমোজাত থাকোতেই এইবাৰ আহিছে আন এক দুসংবাদ।  ৰোহিতে এটাৰ পিছত এটা জৰিমনাৰ সন্মুখীন হ'ব লাগিব বুলি প্ৰকাশ পাইছে। কেৱল সেয়াই নহয়, আগন্তুক খেলখনত পুনৰ 'ভুল' কৰিলে এখন মেচত নিষেধাজ্ঞাৰ সন্মুখীন হ'ব লাগিব পাৰে মুম্বাইৰ অধিনায়কজনে।

    আচলতে কি ভুল কৰিলে ৰোহিত শৰ্মাই? দৰাচলতে, মুম্বাইয়ে চলিত ছিজনত ৫খনকৈ মেচ হেৰুৱাইছে। ইফালে দুখন মেচত নিৰ্ধাৰিত অ’ভাৰ ৰেটো বজাই ৰাখিব পৰা নাই দলটোৱে। ৰোহিতে শাস্তি হিচাপে মোটা পৰিমাণৰ জৰিমনা পৰিশোধ কৰিব লাগিব। বুধবাৰে পঞ্জাৱ কিংছৰ বিৰুদ্ধে অনুষ্ঠিত খেলখনত মুম্বাইয়ে নিৰ্ধাৰিত সময়ত তেওঁলোকৰ অ’ভাৰ সম্পূৰ্ণ কৰিব নোৱাৰিলে। ফলস্বৰূপে, অধিনায়ক ৰোহিত শৰ্মাক আইপিএল কৰ্তৃপক্ষই ২৪ লাখ টকাৰ জৰিমনা বিহিছে। কেৱল ৰোহিতে নহয় দলৰ আন সদস্যসকলেও জৰিমনা পৰিশোধ কৰিব লাগিব। অধিনায়কক বাদ দি বাকী সদস্যসকলে মেচ মাচুলৰ ২৫ শতাংশ পৰিশোধ কৰিব লাগিব।
    চলিত ছিজনত ৰোহিতৰ এয়া প্ৰথম অপৰাধ নহয়। ইয়াৰপূৰ্বে দিল্লী কেপিটেলছৰ বিৰুদ্ধেও সময়মতে নিজৰ অ’ভাৰ শেষ কৰিব পৰা নাছিল। তেতিেয়াও ৰোহিতক ১২লাখ টকাৰ জৰিমনা বিহা হৈছিল। আইপিএলৰ নিয়ম অনুাসৰি, মুম্বাই ইণ্ডিয়ানছে যদি একেটা ভুল পুনৰবাৰ কৰে তেতিলয়া ৰোহিতে ৩০লাখ টকাৰ জৰিমনা ভৰাৰ লগতে এখন মেচত নিষেধাজ্ঞাৰো সন্মুখীন হ’ব লাগিব হিটমেন ৰোহিতে।