ডিজিটেল ডেস্ক: ভাৰতীয় জ্যেষ্ঠ বেটছমেন কে এল ৰাহুল, আই পি এলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ দলৰ এক গুৰুত্বপূৰ্ণ অংশ ৷তেওঁ এই দলৰ অধিনায়ক৷ কিন্তু শেহতীয়া ছিজনবোৰত তেওঁৰ অধিনায়কত্ব বিশেষভাৱে সফল হোৱা পৰিলক্ষিত নহ’ল ৷ সেইবাবে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকা এতিয়া তেওঁক লৈ চিন্তিত ৷
অৱশ্যে এল এছ জিৰ স্বত্বাধিকাৰগৰাকীয়ে তেওঁক ধৰি ৰখাৰ সন্দৰ্ভত এনে কোনো আশ্বাস দিয়া নাই। টি-২০ ফৰ্মেটত টিম ইণ্ডিয়াৰ প্ৰাক্তন উপ-অধিনায়ক ৰাহুল এতিয়া ভাৰতীয় দলৰ অংশ নহয়। ২০২৪ চনৰ আই পি এল ছিজনত দলটোৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই ৰাহুলৰ সৈতে খেলপথাৰতে তৰ্ক-বিতৰ্কত লিপ্ত হোৱাও দেখা গৈছিল ৷
এই বৰ্ষত দলটোৰ প্ৰদৰ্শন দুৰ্বল আছিল ৷ তেতিয়াৰে পৰা লক্ষ্ণৌৱে আই পি এল ২০২৫ ত কে এল ৰাহুল অধিনায়ক পদত থাকিব নে নাই , নে ৰাহুল দলৰ পৰা বাদ পৰিব, সেই সন্দৰ্ভত অনুৰাগীসকলে প্ৰশ্ন উত্থাপন কৰিছিল ৷কিন্তু এতিয়া এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই ৷
‘কে এল ৰাহুল লক্ষ্ণৌ চুপাৰ জায়েণ্টছ পৰিয়ালৰ সদস্য । দলটোৰ অধিনায়কত্ব ধৰি ৰখাৰ বিষয়ে সিদ্ধান্ত ল’বলৈ এতিয়াও যথেষ্ট সময় বাকী আছে ৷’লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই এক সংবাদ মাধ্যমত এই কথা স্পষ্ট কৰে ৷
তেওঁ জনায় যে কে এল ৰাহুলে আই পি এল ২০২৪ ত লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ সৈতে থকাৰ সম্ভাৱনা আছে । কিন্তু তেওঁ দলৰ অধিনায়ক হৈ থাকিব নে নাই, সেই বিষয়ে চিন্তা কৰা হ'ব । আমাৰ লগত বিকল্প খেলুৱৈও আছে ৷
Leave A Comment