ডিজিটেল ডেস্ক: আইপিএল ২০২৫ৰ চুক্তিবদ্ধৰ ক্ষেত্ৰত সৰ্বাধিক দামী খেলুৱৈত পৰিণত হৈছে ৰিংকু সিং ৷ বিগত সময়ত 55 লাখ টকাত চুক্তিবদ্ধ হোৱা ৰিংকু এইবেলি দলটোৰ সৰ্বাধিক ৰিটেইনচন পেইড খেলুৱৈত পৰিণত হৈছে ।
এইবাৰ কলকাতা নাইট ৰাইডাৰ্ছো ১৩ কোটি টকা দি ৰিংকু সিঙক ৰিটেইন কৰিছে ৷ কিন্তু বহু কঠিন যাত্ৰাৰ অন্তত আজি এই সফলতাত উপনীত হৈছে ৰিংকু ৷
এটা সাক্ষাৎকাৰত তেওঁক সোধাত তেওঁ কয় যে, "আপুনি ইমান ৰাণ সংগ্ৰহ কৰাৰ লগতে কে কে আৰক বিজয় প্ৰদান কৰিছে, তেনেক্ষেত্ৰত অনুভৱ নকৰেনে যে আপুনি কমকৈ আপোনাৰ প্ৰাপ্য লাভ কৰিছে" ? তেতিয়া এই সন্দৰ্ভত প্ৰত্যুত্তৰ দি কয় যে,"মই ইমানখিনি পাইছো ৷ এয়াই মোৰ বাবে যথেষ্ঠ ৷ মই কেতিয়াও ভবা নাছিলো যে মই ৫৫ লাখ টকা লাভ কৰিম"
Leave A Comment