ডিজিটেল ডেস্কঃ ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাৎ আই পি এল ২০২৫ৰ ১৮ সংখ্যক ছিজন। ২২ মাৰ্চৰ পৰা ২৫ মে’লৈ অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনত ১০টা দলে অংশগ্ৰহণ কৰিব আৰু মেচসমূহৰ বাবে ১৩খন খেলপথাৰ নিৰ্বাচন কৰা হৈছে। ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব এই ছিজনৰ প্ৰথমখন মেচ কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (কেকেআৰ বনাম আৰচিবি)ৰ মাজত।
আইপিএল ২০২৫ আৰম্ভ হ’বলৈ এতিয়াও বহু সপ্তাহ বাকী আছে যদিও ইতিমধ্যে অনুৰাগীৰ টিকট ক্ৰয়ৰ উৎসাহ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। এতিয়ালৈকে বিচিচিআইয়ে টিকট বুকিং প্ৰক্ৰিয়া সন্দৰ্ভত কোনো সবিশেষ প্ৰকাশ কৰা নাই যদিও পূৰ্বৰ ছিজনৰ দৰেই বেছিভাগ টিকট ইণ্টাৰনেটৰ জৰিয়তে অৰ্থাৎ অনলাইনৰ জৰিয়তে বিক্ৰী কৰা হ’ব। অনুৰাগীয়ে দলসমূহৰ অফিচিয়েল ৱেবছাইটৰ পৰা বা পেটিএম, বুকমাইশ্ব’ৰ দৰে প্লেটফৰ্মৰ পৰা টিকট ক্ৰয় কৰিব পাৰিব।
বিগত বৰ্ষৰ দৰে বিচিচিআইয়ে ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চৰ আৰম্ভণিতে আৰম্ভ হ’ব পাৰে আইপিএল ২০২৫ৰ টিকট বিক্ৰী বুলি জানিবলৈ দিয়ে। ইতিমধ্যে বহু দলে নিজৰ মেচৰ প্ৰি-ৰেজিষ্ট্ৰেচন আৰম্ভ কৰিছে। উদাহৰণস্বৰূপে ৰাজস্থান ৰয়েলছৰ সমৰ্থকে ৭ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈ পঞ্জীয়ন কৰিব পাৰে যাতে তেওঁলোকৰ টিকট লাভ কৰাত সহজ হয়।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ষ্টেডিয়াম আৰু তাত উপস্থিত থকা ষ্টেণ্ড অনুসৰি টিকটৰ মূল্য নিৰ্ধাৰণ কৰা হ’ব। কোৱা হৈছে যে সাধাৰণ ষ্টেণ্ডত আসনৰ দাম ৮০০-১৫০০ টকাৰ ভিতৰত হ’ব পাৰে। প্ৰিমিয়াম আসনৰ মূল্য হ’ব ২০০০-৫০০০ টকাৰ ভিতৰত। ভিআইপি আৰু এক্সিকিউটিভ বক্সত এখন আসনৰ মূল্য হ’ব ৬ হাজাৰৰ পৰা ২০ হাজাৰ টকা। কৰ্পৰেট বক্সত বহিবলৈ এজন ব্যক্তিয়ে এখন আসনৰ বাবে ২৫ হাজাৰৰ পৰা ৫০ হাজাৰ টকাৰ ভিতৰত দিব লাগিব।
Leave A Comment