• ১৭ বছৰে এবাৰো ব্যৱহাৰ হোৱা নাই IPLৰ এটা নিয়ম

    ক্ৰীড়া
    ১৭ বছৰে এবাৰো ব্যৱহাৰ হোৱা নাই IPLৰ এটা নিয়ম
    ডিজিটেল ডেস্কঃ আই পি এলত আৰম্ভণিৰে পৰাই এটা নিয়ম চলি আহিছে। সেই নিয়ম সঠিকভাৱে ব্যৱহাৰ কৰিলে দলসমূহে ইয়াৰ পৰা লাভৱান হ'ব পাৰে। কিন্তু সেয়া ১৭ বছৰত কোনো এটা দলে সেই নিয়ম ব্যৱহাৰ কৰা নাই। 

    এইবাৰৰ IPL আৰম্ভ হোৱাৰ পূৰ্বে BCCIয়ে দলসমূহক সেই নিয়মৰ কথা পুনৰবাৰ সোঁৱৰাই দিছে। আই পি এলৰ সেই নিয়মটো হৈছে পার্ট টাইম ৰিপ্লেচমেণ্ট ক্রিকেটাৰ লোৱাৰ নিয়ম। অর্থাৎ যিকোনো ক্রিকেটাৰক যিকোনো সময়তে আই পি এলৰ ৰেজিষ্টাৰ্ড প্লেয়াৰ পুল অথবা আৰ পি পিৰ পৰা ল'ব পাৰিব। 

    অৱশ্যে প্রতিযোগিতাৰ এটা নির্দিষ্ট সময়ছোৱাতহে আৰ পি পিৰ ক্ৰিকেটাৰগৰাকীয়ে খেলিব পাৰিব। ইয়াৰ পাছত দলসমূহে সেই ক্রিকেটাৰগৰাকীক মুকলি কৰি দিব লাগিব। ভাৰতীয় ক্রিকেট ব'র্ডে পুনৰ সেই নিয়মৰ বিষয়ে সকলো দলকে অৱগত কৰিছে। ইয়াৰ উপৰি আৰ পি পিত থকা ক্রিকেটাৰসকলৰ তালিকাও প্রকাশ হৈছে। অৱগত কৰা হৈছে যে যদি কোনো ক্রিকেটাৰ আৰ পি পিৰ পৰা নিব লাগে তেন্তে প্রথমে ব'র্ডক অৱগত কৰিব লাগিব। 

    ব'ৰ্ডৰ পৰা অনুমতি লাভ কৰিলেহে পচন্দৰ ক্রিকেটাৰগৰাকীক ল'ব পাৰিব। কিন্তু এতিয়ালৈকে কোনো দলে এই নিয়ম আনুষ্ঠানিকভাৱে কাৰ্যকৰী কৰা দেখা পোৱা নাই। প্রতিটো দলৰ একাধিক বিকল্প থকাৰ বাবে আৰ পি পিৰ পৰা অংশকালীন ক্রিকেটাৰ ল'বলৈ তেওঁলোক ইচ্ছুক নাছিল। পিছে প্রতিযোগিতাৰ সময়ত কোনোবাই আঘাতপ্রাপ্ত হৈ বাহিৰ হ'লে তেওঁৰ স্থানত ক্রিকেটাৰ সলনি কৰিব পাৰে।

    উৎস- দৈনিক জনমভূমি