• দেশত আকৌ আৰম্ভ হ’ল আইপিএল জ্বৰ: প্ৰথমখন মেচত মুখামুখি চেন্নাই-বেংগালুৰু

    ক্ৰীড়া
    দেশত আকৌ আৰম্ভ হ’ল আইপিএল জ্বৰ: প্ৰথমখন মেচত মুখামুখি চেন্নাই-বেংগালুৰু
    ডিজিটেল ডেস্ক: দেশত আকৌ আৰম্ভ হ’ল ক্ৰিকেটৰ জ্বৰ। মহা-আয়োজনেৰে আৰম্ভ হ’ল চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। আজিৰে পৰা প্ৰতিটো সন্ধিয়া ষ্টেডিয়াম ভৰি পৰিব ক্ৰিকেট অনুৰাগীৰে। বাউণ্ডেৰী, অভাৰ বাউণ্ডেৰী আৰু উইকেট পতনৰ লগে লগে শুনা যাব দৰ্শকৰ হৰ্ষোল্লাস। ৰোহিত শৰ্মা, বিৰাট কোহলি, মহেন্দ্ৰ সিং ধোনী আদিৰ দৰে তাৰকা খেলুৱৈৰ বেটিং চাবলৈ ভৰি পৰিব ষ্টেডিয়ামৰ গেলেৰী। প্ৰতিটো দলৰ জয়-পৰাজয়ৰ উৎকণ্ঠাই উপভোগ্য কৰি তুলিব প্ৰতিখন মেচ। IPLৰ সপ্তদশ সংস্কৰণৰ প্ৰথমখন মেচত আজি মুখামুখি হয় ৫বাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰৰ্ছ বেংগালুৰু। 

    চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত দুয়ো দল মুখামুখি হৈছে ছিজনৰ প্ৰথমটো জয়ৰ বাবে। আজি মেচৰ পূৰ্বে মহা-আড়ম্বৰেৰে অনুষ্ঠিত হয় IPLৰ উদ্বোধনী অনুষ্ঠান। উদ্বোধনী অনুষ্ঠানত সংগীতানুষ্ঠান পৰিৱেশন কৰে খ্যাতনামা সংগীত শিল্পী এ আৰ ৰহমান, চনু নিগম আদিকৈ কেইবাগৰাকী শিল্পীয়ে। অনুষ্ঠানত উপস্থিত থাকি মনোৰঞ্জন যোগালে বলীউডৰ তাৰকা অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফে।