• মহম্মদ ছামীৰ দুৰ্দান্ত প্ৰদৰ্শনক কটাক্ষ! পাক সাংবাদিকক তুলাধুনা ইৰফান পাঠানৰ

    ক্ৰীড়া
    মহম্মদ ছামীৰ দুৰ্দান্ত প্ৰদৰ্শনক কটাক্ষ! পাক সাংবাদিকক তুলাধুনা ইৰফান পাঠানৰ
    ডিজিটেল ডেস্কঃ লক্ষ্ণৌ ছুপাৰ জায়ান্টছক পৰাস্ত কৰি চলিত আইপিএলৰ অভিযান আৰম্ভ কৰিছে গুজৰাট টাইটানছে । কে এল ৰাহুলৰ বিৰুদ্ধে সেই জয়ৰ অন্যতম নায়ক আছিল মহম্মদ ছামী। নতুন বল হাতত লৈয়ে নিখুঁট ডেলিভাৰীত কে এল ৰাহুলক পেভিলিয়নলৈ যোৱাৰ পথ দেখুৱাইছিল ছামীয়ে। যিটো সময়ত সমগ্ৰ ক্ৰিকেট বিশ্বত ভাৰতীয় পেচাৰক লৈ  কৃতজ্ঞ, সেই সময়তে এজন পাকিস্তানী সাংবাদিকৰ কণ্ঠত ওলটা সুৰ শুনিবলৈ পোৱা গৈছে। কটাক্ষ কৰিলে ছামীক। পাছে ছামীৰ বিষয়ে বিৰূপ মন্তব্য কৰাত পাক সাংবাদিকক ওলটি ধৰিলে ইৰফান পাঠানে।

    স্মৰ্তব্য যে, উক্ত খেলখনত ছামীৰ প্ৰথম বলতে লক্ষ্য হৈ পৰিছিল কে এল ৰাহুল। তাৰ পিছত  কুইন্টন ডি কক আৰু মনীষ পাণ্ডেও ছামীৰ ভয়ংকৰ পেচাৰত ক্ৰীজত তিষ্টি থাকিব নোৱাৰিলে। আৰু ছামীৰ বাবেই  গুজৰাটৰ বিজয়ৰ পথ সহজ হৈ পৰে। আইপিএলৰ ইতিহাসত ছামীয়ে এতিয়ালৈকে পাৰ্পল কেপৰ গৰাকী হ'বলৈ সক্ষম হোৱা নাই। ইৰফান পাঠানে টুইটাৰত মহম্মদ ছামীৰ এই অনবদ্য বলিং প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰি ভাৰতীয় প্ৰাক্তন পেচাৰজনে কয়, ‘বিশ্বত খুব কম সংখ্যক বলাৰ আছে যিয়ে মহম্মদ ছামীৰ দৰে নতুন বলক সঠিক দিশত ব্যৱহাৰ কৰিব পাৰে।’

    পাঠানৰ মন্তব্যৰ উত্তৰত এজন পাকিস্তানী সাংবাদিকে এটা পোষ্ট কৰিছিল। ‘তেওঁলোকে (বেটছমেনসকলে) তেওঁক খেলিব নোৱাৰিলে।’ তেওঁ বুজাইছিল যে ছামীক খেলিব নোৱাৰাটো বেটছমেনসকলৰ বিফলতা। ছামীয়ে একো ভাল বল কৰা নাছিল। বিগত বৰ্ষৰ টি-২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে খেলখনত ছামীয়ে কোনো উইকেট লাভ নকৰা কথাটোক মনত পেলাই দিছিল পাক সাংবাদিকজনে। ছামীৰ অনবদ্য প্ৰদৰ্শনক লৈ পাকিস্তানী সাংবাদিকগৰাকীৰ উপহাসৰ পাছত ছ’চিয়েল মিডিয়াত তুমুল সমালোচনাৰ ধুমুহা বোৱা দেখিবলৈ পোৱা যায়। পাকিস্তানী সাংবাদিকজনৰ সমালোচনাত মুখৰ হৈ পৰে ভাৰতীয় ক্ৰিকেট অনুৰাগী। মহম্মদ ছামীৰ পক্ষত থিয় দি ইৰফানে কয়, ‘২০০৩ চনৰ বিশ্বকাপত ৱাছিম আক্ৰামেও শচীন তেণ্ডুলকাৰৰ উইকেট ল'ব নোৱাৰিলে। ইয়াৰ অৰ্থ এইটো নেকি যে তেওঁ বল কৰিব নাজানে?’ পাকিস্তানী সাংবাদিকজনক সস্তীয়া বিশেষজ্ঞ বুলিও অভিহিত কৰে ইৰফানে।