• আই এছ এলত অভিলেখ গঢ়াৰ দিশে নৰ্থ ইষ্ট ইউনাইটেডৰ আলাউদ্দিন

    ক্ৰীড়া
    আই এছ এলত অভিলেখ গঢ়াৰ দিশে নৰ্থ ইষ্ট ইউনাইটেডৰ আলাউদ্দিন
    ডিজিটেল ডেস্ক: নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ বিদেশী ষ্টাইকাৰ আলাউদ্দিন আজাৰায়ে চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগত (আই এছ এল) দলে খেলা প্ৰথম পাঁচখন মেচৰ আটাইকেইখনতে গল কৰি অনন্য গৌৰৱ অৰ্জন কৰাৰ লগতে লীগৰ পূৰ্বৰ অভিলেখ ভংগ কৰাৰ দিশে আগবাঢ়িছে৷ 

    Alaeddine Ajaraie - Player profile 24/25 | Transfermarkt

    মৰক্কোৰ তাৰকাগৰাকীয়ে যদি পৰবৰ্তী মেচতো গল কৰিবলৈ সক্ষম হয় তেন্তে আই এছ এলত দহ বছৰ পূৰ্বে এলানো ব্লুমাৰে গঢ়া অভিলেখ স্পৰ্শ কৰিব৷

    উল্লেখ্য যে আই এছএলৰ উদ্বোধনী বৰ্ষত চেন্নাইয়ান এফ চিৰ ব্ৰাজিলিয়ান ফৰ’ৱাৰ্ড ব্লুমাৰে ক্ৰমাগত প্ৰথম ছখন মেচত গ’ল কৰি অভিলেখ গঢ়িছিল তেওঁ৷ ছয়খন মেচত ব্লুমাৰৰ গ’লৰ সংখ্যা আছিল আঠটা৷ 

    Alaeddine Ajeraie is joining... - Superpower Football | Facebook

    নৰ্থ ইষ্ট ইউনাইটেডত যোগ দি প্ৰথমবাৰৰ বাবে আইএছএল খেলা আলাউদ্দিনে ইয়াৰপূৰ্বে ডুৰাণ্ড কাপৰ ছেমিফাইনেলত লাজং এফ চি আৰু ফাইনেলত মোহন বাগানৰ বিৰুদ্ধেও গল কৰি দল প্ৰথমটো ট্ৰফী জয়ত মুখ্য ভূমিকা লৈছিল৷ সেই পৰিসংখ্যাৰে চালে যোৱা সাতখন মেচতে ক্ৰমাগত গল কৰিছে দুৰন্ত ষ্ট্ৰাইকাৰগৰাকীয়ে৷