• আইটিএফ(ITF)জুনিয়ৰ আন্তৰ্জাতিক টেনিছ ; ল’ৰা-ছোৱালীৰ খিতাপৰ যুঁজত ভাৰত বনাম আমেৰিকা

    ক্ৰীড়া
    আইটিএফ(ITF)জুনিয়ৰ আন্তৰ্জাতিক টেনিছ ; ল’ৰা-ছোৱালীৰ খিতাপৰ যুঁজত ভাৰত বনাম আমেৰিকা
    ডিজিটেল ডেস্ক: আইটিএফৰ বাচনিত ভাৰতৰ সেহাজ সিং পাৱাৰক ৬-৩, ৭-৫ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰি আমেৰিকাৰ ইজিয়ান আহমেদে গুৱাহাটীত চলি থকা আই টি এফ জুনিয়ৰ (জে-৬০)আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতাৰ ল’ৰাৰ একক শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ তৃতীয় বাচনিৰ ইজিয়ানে শনিবাৰে হ’বলগা খিতাপৰ যুঁজত ভাৰতীয় খেলুৱৈ অৰ্জুন ৰাথীৰ মুখামুখি হ’ব৷ 

    উল্লেখ্য যে প্ৰতিযোগিতাত চমক সৃষ্টিৰে অগ্ৰগতি অব্যাহত ৰখা অজুৰ্নে আজি অৰ্থাৎ শুক্ৰবাৰে অনুষ্ঠিত ল’ৰাৰ একক শাখাৰ আনখন ছেমিফাইনেলত ষষ্ঠ বাচনিৰ ভাৰতৰ প্ৰনীল শৰ্মাক ৬-১, ৬-২ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে৷

    আনহাতে, ১৮ বছৰ অনূধ্বৰ্ৰ ল’ৰা-ছোৱালীৰ বিশ্ব ৰেংকিঙৰ প্ৰতিযোগিতাখনত শনিবাৰে ছোৱালীৰ একক শাখাৰ ফাইনেল অনুষ্ঠিত হ’ব ৷ শীৰ্ষ বাচনিৰ ভাৰতৰ ঋষিতা ৰেড্ডী আৰু দ্বিতীয় বাচনিৰ আমেৰিকাৰ প্ৰিয়ংক ৰাণাৰ মাজত৷ গুৱাহাটীৰ চচলস্থিত টেনিছ প্ৰকল্পত আজি অনুষ্ঠিত হোৱা ছেমিফাইনেলত ঋষিতাই ৬-১, ৬-৩ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে ভাৰতৰ চতুৰ্থ বাচনিৰ ঐশ্বৰ্য যাদৱক৷ আনহাতে, আনখন ছেমিফাইনেলত প্ৰিয়ংকাই ৬-১, ৬- ৪ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে শৈৱী গৌৰৱ দলালক৷

    উল্লেখ্য যে সদৌ অসম টেনিছ সন্থাই সৰ্বভাৰতীয় টেনিছ সংন্থাৰ সহযোগত আয়োজন কৰা তথা বিশ্ব টেনিছ সংঘৰ স্বীকৃত প্ৰতিযোগিতাখনৰ ল’ৰা আৰু ছোৱালীৰ ডাবলছ শাখাৰ ফাইনেল আজি অনুষ্ঠিত হয়৷ ল’ৰাৰ ডাবলছ শাখাৰ ফাইনেলত শীৰ্ষ বাচনিৰ ফ্ৰান্সৰ এৰন গাবেট আৰু ভাৰতৰ সেহাজ সিং পাৱাৰ যুটিয়ে চতুৰ্থ বাচনিৰ ভাৰতীয় যুটি আদিত্য মোড় আৰু অৰ্জুন ৰাথীক ৬-২, ৬-৩ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰি খিতাপ লাভ কৰে৷ ইফালে, ভাৰতৰ ঐশ্বৰ্য যাদৱ আৰু সোহিনী সঞ্জয় মহন্তীয়ে ছোৱালীৰ ডাবলছ শাখাৰ খিতাপ লাভ কৰিছে৷ শীৰ্ষ বাচনিৰ যুটিটোৱে ফাইনেলত ৬-১, ৬-৩ৰ পোনপটীয়া ব্যৱধানত ভাৰতৰে দ্বিতীয় বাচনিৰ মাহিকা খান্না আৰু কাশৱী সুনীলক পৰাস্ত কৰে৷