ডিজিটেল ডেস্কঃ
লিয়ংথাং ছট’কান কাৰাটে স্কুল অব্ আছামৰ উদ্যোগত নেহৰু ষ্টেডিয়ামস্থিত দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত দুদিনীয়াকৈ আৰম্ভ হোৱা তৃতীয় লিয়ংথাং ছট’কান কাৰাটে ছেম্পিয়নশ্বিপ দেওবাৰে নিশা সফলতাৰে সমাপ্ত হয়৷ অসমৰ যোৰহাট, নগাঁও, দৰং, কামৰূপ, কামৰূপ (মঃ), নলবাৰী আদি বিভিন্ন জিলাৰ উপৰি চুবুৰীয়া মেঘালয়ৰপৰা মুঠ ৭০০তকৈয়ো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত যোৰহাটৰ ৰেড ড্ৰেগন মাৰ্চিয়েল আৰ্ট একাডেমী দলে শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়৷
দলটোৱে মুঠ ১২টা সোণৰ পদক লাভ কৰে৷ আনহাতে, গুৱাহাটীৰ ইউনিফাইড কাৰাটে গীল্ড দলে ৮টা সোণৰ পদকসহ ৰাণাৰ্ছ আপ বঁটা লাভ কৰে৷ আনহাতে আয়োজক দল লিয়ংথাং ছট’কান কাৰাটে স্কুল অব্ অসম দলে ৫টা সোণ, ৫টা ৰূপ আৰু ১২টা ব্ৰঞ্জৰ পদক লাভ কৰে৷ প্ৰতিযোগিতাৰ প্ৰথমদিনা ১২ বছৰ বয়সৰপৰা ছিনিয়ৰ কেটেগ’ৰীলৈকে আৰু দ্বিতীয়দিনা ৬ বছৰ অনূৰ্ধ্বৰপৰা ১১ বছৰ বয়সলৈকে বিভিন্ন কেটেগ’ৰীৰ প্ৰতিযোগিতাসমূহ সম্পন্ন হয়৷ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে মেঘালয়ৰ কাৰাটে গুৰু তথা সদৌ মেঘালয় কাৰাটে এছ’চিয়েশ্যনৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰয়াত শ্বিহান ষ্টীফেন লিয়ঙৰ পুত্ৰ ছান লিয়ঙে অংশগ্ৰহণ কৰে৷
Leave A Comment