• ১২ হাজাৰ ৰাণৰ ক্লাবত প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ; চেন্নাইৰ বিৰুদ্ধে ১০০০ ৰাণ সম্পূর্ণ কৰাৰো অভিলেখ কিং কোহলীৰ

    ক্ৰীড়া
    ১২ হাজাৰ ৰাণৰ ক্লাবত প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ; চেন্নাইৰ বিৰুদ্ধে ১০০০ ৰাণ সম্পূর্ণ কৰাৰো অভিলেখ কিং কোহলীৰ
    ডিজিটেল ডেস্ক: টি-২০ত ১২ হাজাৰ ৰানৰ ক্লাবত প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলী৷ ঘৰুৱা, আন্তঃৰাষ্ট্রীয়, লীগ পৰ্যায়ৰ টি-২০ত কোহলীয়ে অৰ্জন কৰিছে এই কৃতিত্ব৷ কম ইনিংছত ১২ হাজাৰ টি-২০ ৰাণৰ তালিকাৰ দ্বিতীয়ত কোহলী৷
    ১২ হাজাৰ সম্পূৰ্ণ কৰিবলৈ কোহলীয়ে খেলিছিল ৩৬০টা ইনিংছ৷ ৩৪৫টা ইনিংছত ১২ হাজাৰ ৰাণ সম্পূর্ণৰে শীর্ষত আছে বেষ্ট ইণ্ডিজৰ ক্রিছ গেইল৷ ৩৬৮ ইনিংছেৰে ১২ হাজাৰ ৰাণ কৰি তৃতীয় স্থানত আছে অষ্ট্রেলিয়াৰ ডেভিদ ৱাৰ্ণাৰ৷ আইপিএল-২০২৪ৰ উদ্বোধনী মেচতে ১২ হাজাৰ ৰাণৰ ক্লাবত প্রৱেশ কৰে কোহলীয়ে৷ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে এহেজাৰ ৰাণ সম্পূর্ণ কৰাৰো অভিলেখ গঢ়ে কোহলীয়ে৷