• কোহলীৰ স’তে অপেনিং কৰি কেনেকুৱা লাগে ফাফ ডুপ্লেছিৰ? জনালে আৰচিবিৰ অপেনাৰগৰাকীয়ে

    ক্ৰীড়া
    কোহলীৰ স’তে অপেনিং কৰি কেনেকুৱা লাগে ফাফ ডুপ্লেছিৰ? জনালে আৰচিবিৰ অপেনাৰগৰাকীয়ে
    ডিজিটেল ডেস্কঃ তেওঁ চেন্নাই এৰি দুবছৰ পূৰ্বে বাংগালুৰুত যোগদান কৰিছিল। এতিয়া বিৰাট কোহলীৰ সৈতে অপেনিং কৰে। যথেষ্ট সফল হৈছে এই যুটি। এইবাৰ আই পি এলৰ পূৰ্বে ফাফ ডু প্লেছিছে পুনৰ কোহলীৰ সৈতে নিজৰ কেমিষ্ট্ৰীৰ বিষয়ে মুকলিকৈ ক’লে। বেংগালুৰুৰ অধিনায়কগৰাকীয়ে কয় যে কোহলীৰ সৈতে তেওঁৰ সফলতাৰ অন্যতম কাৰণ খেলপথাৰৰ ভিতৰত আৰু বাহিৰত তেওঁৰ ভাল সম্পৰ্ক।

    কোহলীৰ পৰা বাংগালুৰুৰ নেতৃত্ব লোৱা ডুপ্লেছিয়ে কয়, ‘কোহলীৰ সৈতে বেটিং কৰাৰ অভিজ্ঞতা আচৰিত। বেটিং কৰি ভাল পোৱা কেইজনমানৰ ভিতৰত তেওঁ অন্যতম। মোৰ দৰে তেওঁৰ বহুত শক্তি আছে। খেলপথাৰত ইমান হৃদয়েৰে খেল খেলা ক্ৰিকেটাৰ খুব কমেইহে দেখিছোঁ। তেওঁ নিজৰ ক্ষমতা আনৰ মাজত বিয়পাই দিয়ে। বুজি পোৱা নাই কেনেকৈ মোকাবিলা কৰিব লাগে। অনুশীলনতৰ সময়তো কোহলীৰ  প্ৰতিযোগিতামূলক মনোভাৱ দেখা পাওঁ।’

    কোহলী এতিয়া অধিনায়ক নহ’লেও মেচৰ সময়ত ইটোৰ পিছত সিটোকৈ উপদেশ দিয়া ধৰণেৰে ডুপলেছিৰ মনটোও আঁতৰি যায়। কয়, “ফিল্ডিং ব্যৱস্থা মোৰ বাবে এতিয়াও অতি গুৰুত্বপূৰ্ণ। খেলপথাৰত বহু দিশত দলটোক নেতৃত্ব দিয়ে। কিন্তু ফিল্ডিঙৰ ক্ষেত্ৰত তেওঁ সকলোতকৈ পৃথক।’

    ডুপলেচিছে লগতে কয়, “আমি দুয়ো খাদ্য ভাল পাওঁ আৰু কাপোৰৰ বজাৰ কৰাটো ভাল পাওঁ। আনকি এটা ধুনীয়া সাজ-পোছাক কিনিলে বা পিন্ধিলে ইজনে সিজনক ছবি পঠাও। মোৰ ওপৰত তেওঁৰ প্ৰবল প্ৰভাৱ আছে। ঘড়ীৰ প্ৰতি দুয়োৰে আকৰ্ষণ একে।”