• লাইট-কেমেৰা-একশ্যন! এইবাৰ ৰূপালী পৰ্দাত বাওঁ ভৰিৰ যাদুকৰ লিঅ’নেল মেছী

    ক্ৰীড়া
    লাইট-কেমেৰা-একশ্যন! এইবাৰ ৰূপালী পৰ্দাত বাওঁ ভৰিৰ যাদুকৰ লিঅ’নেল মেছী
    ডিজিটেল ডেস্কঃ লিঅ’নেল মেছী আজি ফুটবল জগতৰ এটা ব্ৰেণ্ড। সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ তথা আৰ্জেণ্টিনাৰ লেখত ল’বলগীয়া এগৰাকী মহাৰথী। সাতবাৰৰ বেলন ডি অ’ৰ বিজয়ীগৰাকীক এইবাৰ এখন টিভি ছিৰিজত দেখিবলৈ পোৱা যাব। বিগত সময়ছোৱাত একাধিক বিজ্ঞাপনত অভিনয় কৰিছিল এইগৰাকী তাৰকা ফুটবলাৰে। 

    কিন্তু এইবাৰ অনুৰাগীসকলে অভিনেতা হিচাপে দেখিবলৈ পাব লিঅ’নেল মেছীক। আসন্ন আৰ্জেণ্টাইন ধাৰবাহিক ‘লছ প্ৰটেক্টটৰছ’ত অভিনয় কৰিব মেছীয়ে। অভিনয়ৰ জগতত ভৰি দিছে বাওঁ ভৰিৰ যাদুকৰগৰাকীয়ে। এই ধাৰাবাহিকখনৰ বেকষ্টেজ ভিডিঅ’ এটা ইতিমধ্যে ভাইৰেল হৈ পৰিছে। অভিনেতা মেছীক ৰূপালী পৰ্দাত চাবলৈ অপেক্ষা কৰি আছে তেওঁৰ অনুৰাগীসকল।

    দিনদিয়েক পূৰ্বে ৫টা গ’ল দি খবৰৰ শিৰোনাম দখল কৰিছিল মেছীয়ে। আন্তঃৰাষ্ট্ৰীয় ফুটবল দলক অকলেই ক্লাব পৰ্যায়লৈ নমাই আনিব পাৰে মেছীয়ে। সমগ্ৰ ফুটবল জগতখনে জানে এই যাদুৰ গৰাকী যে লিঅ’নেল মেছী। শেহতীয়াকৈ, স্পেইনৰ পাম্পলোনাই সম্প্ৰতি এল এম টেন শ্ব’ চাইছে। 

    উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় প্ৰীতি মেচত ইস্তনিয়াৰ মুখামুখি হৈছিল আৰ্জেণ্টিনাই। মেছীয়ে অকলে ৫টা গ’ল দি কৃতিত্ব অৰ্জন কৰিছিল। ৫-০ গ’লত জয়লাভ কৰে আৰ্জেণ্টিনাই। দেশ আৰু ক্লাবৰ জাৰ্চিত ৫টা গ’ল দিয়া মেছীয়েই একমাত্ৰ আৰ্জেণ্টিনাইন খেলুৱৈ।
     
    mahjong waysskater mahjong wayssipardikemenaglebongperpus smpn14 depoktppkk bitunggs hospitalsarwadharma hospital gwllms smkn1 campakatamansari mahoganypeasant farmerscbt sman1 jalaksanakatering makananppdb yayasan pendidikan assalamgoji berrytago Polandhttps://www.undp.or.id/
    https://mtsmathlaulanwarputat.sch.id/
    https://www.smpn2karangsambung.sch.id/
    https://qualitastech.com/
    https://hydrateivbar.com/
    https://www.pteoo.com/
    https://hotelmiradordelsella.com/
    https://puslatnas.id/
    https://www.adamcopharm.com/
    https://ociterrasus.com/
    https://psb.al-asyariyyah.com/live casino