ডিজিটেল ডেস্কঃ দেওবাৰে টি-২০ বিশ্বকাপত বিৰাট কোহলীয়ে পাকিস্তানৰ বিৰুদ্ধে মাত্ৰ চাৰি ৰানহে সংগ্ৰহ কৰিব পাৰিলেও ভাইৰেল হৈ পৰিল এক বিশেষ দৃশ্য৷ নাছাউ কাউন্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত এগৰাকী পাকিস্তানী ছোৱালীয়ে ভাৰতীয় প্ৰাক্তন অধিনায়কৰ ছবি থকা লকেট পিন্ধি থকা দেখা গৈছিল। ছ’চিয়েল মিডিয়াত Love Khaani নামেৰে পৰিচিত ২৪ বছৰীয়া ফিজা খানক বিৰাট কোহলীৰ লকেট দেখুৱাই থকা দেখা গৈছিল।
উল্লেখযোগ্য যে ফিজা পাকিস্তানৰ যদিও সংযুক্ত আৰব আমিৰশ্বাহীত বাস কৰে আৰু ভাৰত পাকিস্তানৰ মেচৰ নিয়মীয়া দৰ্শক৷ ফিজাই পিন্ধা বিৰাটৰ লকেটে অনুৰাগীৰ মন কাঢ়ি নিছে৷ পাকিস্তানৰ যুৱতী হৈও তেওঁৰ ভাৰতপ্ৰেমক সকলোৱে আদৰণি জনাইছে৷
আনহাতে, ভাৰতৰ হাতত পৰাস্ত হোৱাৰ পাছত এতিয়া পাকিস্তানৰ পথ বিশ্বকাপত কঠিন হৈ পৰিছে৷ প্ৰথমখন খেলত আমেৰিকাৰ হাতত অনাকাংক্ষিত পৰাজয় আৰু এতিয়া ভাৰতৰ হাতত পৰাস্ত হোৱাৰ পাছত স্বাভাৱিকতে মন বেয়া বাবৰবাহিনীৰ৷
Leave A Comment