• পুনৰ বিতৰ্কত ছোৱেইব মালিক! এইবাৰ আন এগৰাকী অভিনেত্ৰীক ইংগিতসূচক মেচেজ দিয়াক লৈ চৰ্চাত ছোৱেইব

    ক্ৰীড়া
    পুনৰ বিতৰ্কত ছোৱেইব মালিক! এইবাৰ আন এগৰাকী অভিনেত্ৰীক ইংগিতসূচক মেচেজ দিয়াক লৈ চৰ্চাত ছোৱেইব
    ডিজিটেল ডেস্কঃ এনে লাগে যেন শ্বোয়াইব মালিক আৰু বিতৰ্ক একেটা মূদ্ৰাৰ ইপিঠি সিপিঠি হৈ পৰিছে। ক্ৰিকেটাৰগৰাকীয়ে প্ৰায়ে কোনোবা নহয় কোনোবা কাৰণত নেতিবাচক বিষয়ত লাইমলাইট আকৰ্ষণ কৰি আছে। শেহতীয়াকৈ আইজাজ আছলাম আৰু নাদিয়া খানে আয়োজন কৰা ৰমজানৰ অনুষ্ঠানত পাকিস্তানী অভিনেত্ৰী নৱাল ছাইদে প্ৰকাশ কৰিছিল যে তেওঁ ইনষ্টাগ্ৰামত ক্ৰিকেটাৰজনৰ পৰা ফ্লাৰ্টী টেক্সট মেছেজ লাভ কৰি আহিছে।

    নৱালে লগতে কয় যে তেওঁ কাৰো নাম ল’ব নোৱাৰে, কিন্তু এজন ক্ৰিকেটাৰে তেওঁক অবিৰতভাৱে মেছেজ কৰি আহিছে, এইটোক ঠিক যেন নালাগে। কয়- ''আমি ক্ৰিকেটাৰসকলক অতিশয় সন্মান কৰো, আৰু তেওঁলোকে সেই অনুসৰি আচৰণ কৰিব লাগিব।’’ 

    শ্ব’টোৰ অতিথিসকলে তেওঁক কোনজন ক্ৰিকেটাৰৰ কথা কৈছে বুলি সুধিছিল যদিও নাদিয়াই পোনপটীয়াকৈ নৱালক শোৱেইব মালিক নেকি বুলি সোধালৈকে নৱালে নামটো প্ৰকাশ নকৰিলে। যদিও, নৱালে মৌখিকভাৱে মানি লোৱা নাছিল, তাই হাঁহি এটা মাৰি পৰোক্ষভাৱে প্ৰকাশ কৰিছিল যেন সঁচাকৈয়ে সেইজন ক্ৰিকেটাৰ।

    নৱল ছাইদ এগৰাকী উদীয়মান পাকিস্তানী অভিনেত্ৰী যিয়ে ২০১৭ চনত য়াকিন কা ছাফাৰ ছবিত চুটি চৰিত্ৰত অভিনয় কৰি উদ্যোগটোত আত্মপ্ৰকাশ কৰিছিল। তেতিয়াৰ পৰাই এজাবান, ফৰিয়াদ, সীতাম, দিল ই বীৰান, দাঘ ই দিল, মাহ ই তামাম আদি নাটকত অভিনয় কৰি আহিছে। বৰ্তমান নৱালক দেখা গৈছে জান ই জাহান শ্ব’ত, য’ত তেওঁৰ ৰহস্যময় আৰু কুটিল অভিনয়ক দৰ্শকে ভাল পায়।