• আইপিএলঃ চোৱা মা, মই উৰিব পাৰো! তীব্ৰ গতিৰ বল কৰি মাতৃক সুঁৱৰিলে মায়ংক যাদৱে

    ক্ৰীড়া
    আইপিএলঃ চোৱা মা, মই উৰিব পাৰো! তীব্ৰ গতিৰ বল কৰি মাতৃক সুঁৱৰিলে মায়ংক যাদৱে
    ডিজিটেল ডেস্কঃ ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বিৰুদ্ধে তিনিটা উইকেট দখল কৰে মায়ংক যাদৱে। তৰুণ পেচাৰৰ গতিবেগে চকু কপালত তুলিছে। তেওঁ নিয়মিতভাৱে প্ৰতি ঘণ্টাত ১৫০ কিলোমিটাৰ বেগেৰে বলিং কৰি আছে।

    বেংগালুৰুৰ বিৰুদ্ধে মায়ংকে ৰজত পাটিদাৰ, গ্লেন মেক্সৱেল আৰু কেমেৰন গ্ৰীনৰ উইকেট দখল কৰে। লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মায়ংকে ২৮ ৰানত জয়লাভ কৰে। জয়ৰ পিছত তেওঁ নিজৰ এখন ছবি পোষ্ট কৰে। মায়ংকক উইকেটৰ সৈতে জপিয়াই থকা দেখা গৈছে। সেই ফটোখনৰ লগতে তেওঁ মাকক সুঁৱৰি লিখিছিল, "চোৱা মা, মই উৰিব পাৰো।" মেচখনত জয়ী হৈ ভাল বলিং কৰাৰ সন্তুষ্টি স্পষ্ট হৈ পৰিছে মায়ংকৰ পোষ্টত।

    ২১ বছৰীয়া মায়ংকে ৪ অভাৰত ১৪ ৰান সংগ্ৰহ কৰি তিনিটা উইকেট দখল কৰে। লগতে মেচখনৰ শ্ৰেষ্ঠ হৈ পৰে তেওঁ। পূৰ্বৰ মেচখনতো মায়ংকে শ্ৰেষ্ঠ আছিল। ইয়াৰ পূৰ্বে কোনো বলাৰেই আই পি এলত একেৰাহে দুখন মেচত মেন অৱ দ্য মেচৰ বঁটা লাভ কৰা নাছিল। বেংগালুৰুৰ বিৰুদ্ধে মায়ংকৰ সৰ্বাধিক দ্ৰুত বল আছিল ১৫৬.৭ কিলোমিটাৰ প্ৰতি ঘণ্টাত। পঞ্জাব কিংছৰ বিৰুদ্ধে আই পি এলত অভিষেক ঘটায়। সেই মেচত তেওঁ ঘণ্টাত ১৫৫.৮ কিলোমিটাৰ বেগেৰে বলিং কৰিছিল।