ডিজিটেল ডেস্ক: টকিঅ' অলিম্পিকত ৰূপৰ পদক বিজয়ী মীৰাবাঈ চানুক ভাৰতীয় ভাৰোত্তোলন ফেডাৰেশ্যনৰ এথলীট আয়োগৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে।
উল্লেখযোগ্য যে ৩০ বছৰীয়া মীৰাবাঈ চানু অলিম্পিকত পদক বিজয়ী দ্বিতীয়গৰাকী ভাৰতীয় ভাৰোত্তোলক। তেওঁ টকিঅ' অলিম্পিক ২০২০ত মুঠ ২১০ কিলোগ্ৰাম ভাৰোত্তোলন বহন কৰি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।
আনহাতে মীৰাবাঈ চানুৱে ২০১৮ আৰু ২০২২ ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত সোণৰ পদক লাভ কৰিছিল। তেওঁ ২০১৭ চনৰ বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক আৰু ২০২২ চনত ৰূপৰ পদক লাভ কৰিছিল। ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেম্পিয়নশ্বিপত ৩ টা সোণৰ আৰু এটা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল মীৰাবাঈ চানুৱে।
উৎস- দৈনিক জনমভূমি
Leave A Comment