ডিজিটেল ডেস্ক : ৭ বছৰৰ মূৰত ভাৰতীয় দললৈ উভতি আহিল কৰুণ নায়াৰ। বিগত সময়ছোৱাত ঘৰুৱা ক্রিকেটত ৰানৰ জোৱাৰ তুলিলেও উপেক্ষিত হৈ আছিল কৰুণ। পিছে দীর্ঘ প্রতীক্ষাৰ অন্তত তেওঁৰ বাবে ভাৰতীয় দলৰ দুৱাৰ খোল খালে।
এইবাৰ তেওঁ হাতলৈ অহা এই সুযোগৰ সদ্ব্যৱহাৰ কৰিব খোজে। ইংলেণ্ড লায়ন্সৰ বিৰুদ্ধে বেচৰকাৰী টেষ্টত দ্বি-শতৰানৰ ইনিংছ খেলে কৰুণে। সদ্য সমাপ্ত আই পি এলত দিল্লী কেপিটেলছৰ হৈ ৮খন মেচ খেলা কৰুণে গোটায় ১৯৮ ৰান। তাৰ মাজত আছিল ১টা অর্ধ-শতৰানো।
সম্প্রতি ফৰ্মৰ বিচাৰত ভাৰতীয় দললৈ আমন্ত্ৰণ লাভ কৰে কৰুণে। হঠাৎ অহা সুযোগ কামত লগাবলৈ তেওঁ বদ্ধপৰিকৰ। সাত বছৰৰ পাছত কৰুণক ভাৰতীয় দললৈ স্বাগতম জনালে প্রশিক্ষক গৌতম গম্ভীৰে। প্ৰশিক্ষকগৰাকীয়ে কয়, 'কোনো প্রত্যাৱৰ্তন সহজ নহয়। তাতে আকৌ ৭বছৰৰ পাছত। আগৰ বছৰটো কৰুণৰ বাবে স্মৰণীয় আছিল। প্ৰচুৰ ৰান কৰিছিল। সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল হাৰ নমনা মনোভাব। সমগ্র দলটোৰ বাবে এয়া অনুপ্ৰেৰণামূলক।' ইফালে, বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ অৱসৰৰ পাছত মিডল অর্ডাৰত নিঃসন্দেহে স্থান পাব কৰুণে।
নর্ডাম্পটন শ্বায়াৰৰ হৈ কাউন্টি ক্রিকেট খেলাৰ অভিজ্ঞতা আছে কৰুণৰ। ৭খন মেচত তেওঁ সংগ্ৰহ কৰে ৪৮৭ ৰান। গড় ৪৮.৭০। ইয়াৰ মাজত তেওঁ এটা দ্বি-শতৰানৰ ইনিংছো আছে। ইংলেণ্ডৰ পৰিবেশ আৰু পৰিস্থিতিৰ সৈতে তেওঁ পৰিচিত। কৰুণে অৱশ্যে কোন স্থানত বেট ধৰিব সেয়া জানিব পৰা হোৱা নাই।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment