• পাভো নুৰ্মী গেমছত উজলিল নীৰজ চোপ্ৰা, নিজৰ অভিলেখ নিজে ভংগ কৰিলে ভাৰতীয় এথলীট গৰাকীয়ে

    ক্ৰীড়া
    পাভো নুৰ্মী গেমছত উজলিল নীৰজ চোপ্ৰা, নিজৰ অভিলেখ নিজে ভংগ কৰিলে ভাৰতীয় এথলীট গৰাকীয়ে
    ডিজিটেল ডেস্কঃ ট’কিঅ’ অলিম্পিকত স্বৰ্ণপদক অৰ্জন কৰিছিল নীৰজ চোপ্ৰাই। দীৰ্ঘবিৰতিৰ অন্তত পুনৰ ট্ৰেকলৈ ঘূৰি আহিছে নীৰজ চোপ্ৰা। ট্ৰেকলৈ উভতি আহিয়েই নীৰজ চোপ্ৰাই ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয়। পাভো নুৰ্মী গেমছৰ দ্বিতীয় প্ৰচেষ্টাত যুৱ এথলীটজনে ৮৯.৩ মিটাৰ দূৰত্ব অতিক্ৰম কৰে। ইয়াৰ পূৰ্বে নীৰজে টকিঅ’ অলিম্পিকত ৮৭.৫৮ মিটাৰ দূৰত্ব অতিক্ৰম কৰি সোণৰ পদক লাভ কৰিছিল। এইবাৰ তেওঁ নিজৰ অভিলেখ নিজে ভংগ কৰি ৰচিলে ইতিহাস।

    টকিঅ’ অলিম্পিকৰ পিছত নীৰজে বহুদিন ধৰি ট্ৰেক এণ্ড ফিল্ডৰ পৰা নিজকে আঁতৰাই ৰাখিছিল। সেই সময়ত তেওঁক বিভিন্ন ধৰণৰ শাৰীৰিক ব্যায়াম কৰি প্ৰস্তুতি চলাই থকা দেখা গৈছিল। এইবাৰ তেওঁ পুনৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। প্ৰথম থ্ৰ’ত নীৰাজে ৮৬.৯২ মিটাৰ দূৰত্ব অতিক্ৰম কৰে। দ্বিতীয়টো থ্ৰ’ত তেওঁ গঢ়ি্ লে ৰাষ্ট্ৰীয় অভিলেখ। এই প্ৰতিযোগিতাত ফিনলেণ্ডৰ অলিভাৰ হেলেণ্ডাৰে সোণৰ পদক লাভ কৰে। তেওঁ ৮৯.৮৩ মিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল।