• বিশ্বকাপ ক্ৰিকেটঃ পাকিস্তানৰ বিৰুদ্ধে জয়ী হৈ অভিলেখ গঢ়িলে আফগানিস্তানে! ভাঙিলে সৌৰভ গাংগুলী নেতৃত্বাধীন টীম ইণ্ডিয়াৰ অভিলেখো

    ক্ৰীড়া
    বিশ্বকাপ ক্ৰিকেটঃ পাকিস্তানৰ বিৰুদ্ধে জয়ী হৈ অভিলেখ গঢ়িলে আফগানিস্তানে! ভাঙিলে সৌৰভ গাংগুলী নেতৃত্বাধীন টীম ইণ্ডিয়াৰ অভিলেখো
    ডিজিটেল ডেস্কঃ এদিনীয়া ক্ৰিকেটত প্ৰথমবাৰৰ বাবে পাকিস্তানক পৰাস্ত কৰে আফগানিস্তানে। তাকো বিশ্বকাপৰ মঞ্চত। বিশ্বকাপৰ মঞ্চত পাকিস্তানে কেতিয়াও ২৮২ ৰান বা তাতকৈ অধিক ৰান কৰি পৰাস্ত হোৱা নাছিল। এইটোৱেই প্ৰথম পৰাজয়। তাৰ লগতে আফগানিস্তানে সৌৰভ গাংগুলীৰ দলৰ অভিলেখো ভংগ কৰে।

    ইয়াৰ পূৰ্বে বিশ্বকাপত আফগানিস্তানে মাত্ৰ দুবাৰহে জয়লাভ কৰিছিল। সোমবাৰে তৃতীয়খন খেলত জয়লাভ হয়। ইয়াৰ পূৰ্বে পাকিস্তানৰ বিৰুদ্ধে এদিনীয়া ৭খন মেচত পৰাস্ত হৈ অৱশেষত ২৮২ ৰান খেদি ৰছিদে জয়লাভ কৰে।

    ইয়াৰ পূৰ্বে বিশ্বকাপৰ মঞ্চত পাকিস্তানৰ বিৰুদ্ধে সৰ্বাধিক ৰান খেদি জয়ী হোৱাৰ ভাৰতৰ অভিলেখ আছিল। ২০০৩ চনত দক্ষিণ আফ্ৰিকাত ২৭৬ ৰান খেদি খেদি জয়ী হৈছিল সৌৰভৰ ভাৰতে। সেইটোৱেই আছিল বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে সৰ্বাধিক ৰান খেদি ফুৰাৰ অভিলেখ। আফগানিস্তানে সেইটো ভাঙি পেলালে।