ডিজিটেল ডেস্ক: পাকিস্তানী মূলৰ ক্ৰিকেটাৰ জুনেইদ জাফৰ খানৰ আকস্মিক মৃত্যু। ৰোজা ৰাখি প্ৰচণ্ড গৰমত খেলপথাৰত নামিছিল জুনেইদ। সেয়াই কাল হ’ল খেলুৱৈগৰাকীৰ বাবে। ক্ৰিকেট খেল খেলি থকা অৱস্থাতে মৃত্যু হ’ল জুনেইদ জাফৰ খানৰ।
এই খবৰে ক্ৰিকেট জগতখনক স্তম্ভিত কৰি তুলিছে। এই ঘটনা সংঘটিত হৈছে অষ্ট্ৰেলিয়াৰ এডিলেইডত। পাকিস্তানী মূলৰ অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ জুনেইদ জাফৰ খানৰ বয়স আছিল ৪০ বছৰতকৈও অধিক।
জুনেইদ আছিল ক্লাব পৰ্যায়ৰ খেলুৱৈ। শনিবাৰে যেতিয়া তেওঁ খেলখন খেলি আছিল তেতিয়া তাপমাত্ৰা ৪১.৭ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত আছিল। ৰোজা ৰাখি এনে তীব্ৰ উত্তাপত জুনেইদে প্ৰায় ৪০ অভাৰ ফিল্ডিং কৰে। কিন্তু খেলখন চলি থকাৰ সময়তে বিয়লি প্ৰায় ৪ বজাত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু খেলপথাৰতে অচেতন হৈ পৰে। ইয়াৰ পিছত লগে লগে এম্বুলেন্স মাতিলে, কিন্তু তেওঁক বচাব নোৱাৰিলে চিকিৎসকে।
জুনেইদ জাফৰ খানৰ এই আকস্মিক মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে পৰিয়াল তথা অনুৰাগীসকলক।
Leave A Comment