• পাকিস্তানক প্ৰয়োজন হৈছে পাণ্ডিয়াৰ! প্ৰাক্তন পাক তাৰকা আফ্ৰিদীৰ মুখত হাৰ্দিক পাণ্ডিয়াৰ গুণগান

    ক্ৰীড়া
    পাকিস্তানক প্ৰয়োজন হৈছে পাণ্ডিয়াৰ! প্ৰাক্তন পাক তাৰকা আফ্ৰিদীৰ মুখত হাৰ্দিক পাণ্ডিয়াৰ গুণগান
    ডিজিটেল ডেস্ক: ভাৰতীয় ক্ৰিকেট দলত কপিল দেৱৰ পিছত আন এগৰাকী নিৰ্ভৰযোগ্য পেচ বলিং অলৰাউণ্ডাৰৰ সন্ধানত দীৰ্ঘদিন ধৰি অপেক্ষা কৰিবলগীয়া হৈছিল। মাজে-সময়ে পৰীক্ষামূলকভাৱে কেইবাগৰাকীমান খেলুৱৈক জাতীয় দলত সুযোগ দিয়া হৈছিল যদিও আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হোৱাত অব্যাহত থাকে পেচ বলিং অলৰাউণ্ডাৰৰ সন্ধান। ইয়াৰ মাজতে অৱশ্যে ইৰফালন পাঠানে কিছু পৰিমাণে এই অভাৱ পূৰণ কৰাত সফল হয় যদিও পিছলৈ পাঠানো দলত নিজৰ স্থান সুৰক্ষিত কৰাত ব্যৰ্থ হয়। অৱশেষত দীৰ্ঘদিনীয়া এই অপেক্ষাৰ অন্তত ভাৰতীয় দলে হাৰ্দিক পাণ্ডিয়াৰ ৰূপত এগৰাকী নিৰ্ভৰযোগ্য পেচ বলিং অলৰাউণ্ডাৰ লাভ কৰে।

    বিস্ফোৰক বেটিঙৰ লগতে বলিঙৰ ক্ষেত্ৰতো পাণ্ডিয়াই ইতিমধ্যে নিজৰ যোগ্যতাৰ প্ৰমাণ দাঙি ধৰি ভাৰতৰ এক নিৰ্ভৰযোগ্য তাৰকাত পৰিণত হৈছে। প্ৰাক্তন ক্ৰিকেট তাৰকা তথা ক্ৰিকেট বিশেষজ্ঞ সকলেও ইতিমধ্যে পাণ্ডিয়াক সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ অন্যতম শ্ৰেষ্ঠ অলৰাউণ্ডাৰ হিচাপে স্বীকৃতি দিছে। নিজৰ চমকপ্ৰদ অলৰাউণ্ড প্ৰদৰ্শনৰ জৰিয়তে পাণ্ডিয়াই বহুকেইখন মেচত ভাৰতীয় দলৰ ত্ৰাণকৰ্তা হিচাপে অৱতীৰ্ণ হৈ ভাৰতক জয়ৰ সোৱাদ দিছে। বিশেষকৈ বিশ্বৰ শ্ৰেষ্ঠ ফিনিচাৰ হিচাপে খ্যাত প্ৰাক্তন তাৰকা মহেন্দ্ৰ সিং ধোনীৰ অৱসৰৰ পিছত ভাৰতীয় দলৰ ফিনিচাৰৰ দায়িত্ব কান্ধ পাতি লৈছে পাণ্ডিয়াই।

    পাণ্ডিয়াৰ এই নিখুঁত দক্ষতাৰ বাবে সম্প্ৰতি তাৰকাগৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ক্ৰিকেট ইতিহাসৰে এগৰাকী অন্যতম শ্ৰেষ্ঠ অলৰাউণ্ডাৰ পাকিস্তানৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদী। ক্ৰিকেট মেচ এখনত পাণ্ডিয়াই যিদৰে ফিনিচিঙৰ দায়িত্ব সুচাৰুৰূপে পালন কৰে, সেই একেই দায়িত্ব পালন কৰিব পৰাকৈ পাকিস্তান ক্ৰিকেট দলকো হাৰ্দিক পাণ্ডিয়াৰ দৰে এগৰাকী মেচ উইনাৰ ফিনিচাৰৰ প্ৰয়োজন বুলি মন্তব্য কৰিছে আফ্ৰিদীয়ে। 

    মঙলবাৰে টেলিভিচনৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰা আফ্ৰিদীক অনুষ্ঠানৰ এংকৰ গৰাকীয়ে আফ্ৰিদীক উদ্দেশ্যি পাকিস্তানৰ বেটিং লাইন-আপত কোনো মেচ-উইনাৰক বেটিং ক্ৰমৰ নিম্ন স্থানত দেখিবলৈ পোৱা যাবনে বুলি প্ৰশ্ন কৰিছিল। এই প্ৰশ্নৰ উত্তৰত আফ্ৰিদীয়ে স্বীকাৰ কৰে যে পাকিস্তানৰ সাম্প্ৰতিক দলটোত এনে এজন খেলুৱৈৰ অভাৱ আছে। আফ্ৰিদীয়ে লগতে কয় যে পাকিস্তানৰ ক্ৰিকেট অনুৰাগীসকলে আচিফ আলী বা খুছদিলৰ দৰে খেলুৱৈয়ে পাকিস্তানৰ হৈ এই ভূমিকা পালন কৰিব বুলি আশা কৰিছিল। 

    কিন্তু দুয়োগৰাকী খেলুৱৈয়ে এই প্ৰদৰ্শন আগবঢ়োৱাত বিফল হৈছে বুলি মন্তব্য কৰি আফ্ৰিদীয়ে লগতে মহম্মদ নৱাজ আৰু শ্বাদাব খানৰ প্ৰদৰ্শনতো ধাৰাবাহিকতাৰ অভাৱ বুলি আঙুলিয়াই দিয়ে। তেতিয়াই আফ্ৰিদীয়ে ভাৰতীয় তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ বিষয়ে উল্লেখ কৰি পাকিস্তানক পাণ্ডিয়াৰ দৰে এগৰাকী খেলুৱৈৰ প্ৰয়োজন বুলি মন্তব্য কৰে।

    আফ্ৰিদীয়ে কয়, "আমাক হাৰ্ডিক পাণ্ডিয়াৰ দৰে এগৰাকী খেলুৱৈৰ প্ৰয়োজন, যি দলৰ এগৰাকী নিৰ্ভৰযোগ্য তাৰকা হিচাপে বেটিং ক্ৰমৰ নিম্ন স্থানত বেটিং কৰি মেচ ফিনিচিঙৰ দায়িত্ব লয় আৰু বলিং বিভাগতো সহায় কৰে। আমাৰ হাৰ্দিক পাণ্ডিয়াৰ দৰে ফিনিচাৰ নাই। আচিফ আলী বা খুচদিল শ্বাহে সেই ভূমিকা পালন কৰিব বুলি আমি আশা কৰিছিলো। কিন্তু তেওঁলোক সফল হ’ব পৰা নাই।"

    উল্লেখ্য যে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত মুম্বাই ইণ্ডিয়াঞ্চৰ হৈ চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়োৱাৰ পিছত হাৰ্দিক পাণ্ডিয়াই ২০১৬ চনত ভাৰতৰ হৈ অভিষেক ঘটোৱাৰ সুবিধা পায়। তাৰ পাছতেই পাণ্ডিয়াই নিজৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ভাৰতৰ মূল একাদশৰ গুৰুত্বপূৰ্ণ সদস্য হৈ পৰে। অৱশ্যে আঘাতৰ সমস্যাই মাজে-সময়ে তাৰকাগৰাকীৰ কেৰিয়াৰত প্ৰভাৱ পেলাইছে যদিও আঘাতৰ পৰা সুস্থ হৈ উঠিয়ে সফল প্ৰত্যাৱৰ্তন কৰি আহিছে তাৰকাগৰাকীয়ে। 

    অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া আগন্তুক টি-২০ বিশ্বকাপত পাণ্ডিয়াৰ কান্ধত এক গুৰুত্বপূৰ্ণ দায়িত্ব থাকিব। তাৰকাগৰাকীৰ প্ৰদৰ্শন ভাৰতৰ জয়ৰ ক্ষেত্ৰত অত্যন্ত প্ৰয়োজনীয় হ’ব। সেয়েহে শেহতীয়া আঘাতৰ পিছত পাণ্ডিয়াৰ টি-২০ বিশ্বকাপ ভ্ৰমণক লৈ শংকাত ভুগি পৰিছিল ভাৰতীয় ক্ৰিকেট অনুৰাগী। অৱশ্যে আঘাতৰ পৰা সম্পূৰ্ণ আৰোগ্য হৈ পাণ্ডিয়াই নিজৰ স্বভাৱসিদ্ধ প্ৰদৰ্শনেৰে অনুৰাগীৰ শংকা দূৰ কৰি বিশ্বকাপলৈ সাজু হোৱাৰ ইংগিত দিছে।