• পেলেষ্টাইন-ইজৰাইলৰ সংঘাতে চুই গ’ল ক্ৰিকেট বিশ্বকাপ! বাংলাদেশ-পাকিস্তানৰ মেচত ষ্টেডিয়ামৰ গেলেৰীত উৰিল পেলেষ্টাইনৰ পতাকা, সষ্টম হৈ পৰিল আৰক্ষী

    ক্ৰীড়া
    পেলেষ্টাইন-ইজৰাইলৰ সংঘাতে চুই গ’ল ক্ৰিকেট বিশ্বকাপ! বাংলাদেশ-পাকিস্তানৰ মেচত ষ্টেডিয়ামৰ গেলেৰীত উৰিল পেলেষ্টাইনৰ পতাকা, সষ্টম হৈ পৰিল আৰক্ষী
    ডিজিটেল ডেস্কঃ পেলেষ্টাইন-ইজৰাইলৰ সংঘাতে চুই গ’ল ক্ৰিকেট বিশ্বকাপ! বাংলাদেশ বনাম পাকিস্তানৰ খেলৰ সময়ত কলকাতাৰ ইডেন গাৰ্ডেনৰ গেলেৰীত প্ৰদৰ্শিত হৈছিল পেলেষ্টাইনৰ পতাকা। ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰত ৰঙা-ক’লা-বগা-সেউজীয়া পতাকাখন দেখুওৱাৰ বাবে আৰক্ষীয়ে গেলেৰীৰ পৰা চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে। মৈদান থানালৈ লৈ যোৱা হয়। অৱশ্যে প্ৰাথমিক জেৰাৰ অন্তত মুকলি কৰি দিয়া হয় দুয়োকে।

    অনুমান কৰা হৈছে যে সেই দৰ্শকে পেলেষ্টাইনৰ পতাকা দেখুৱাই গাজাত ইজৰাইলে আক্ৰমণৰ প্ৰতিবাদ কৰিছিল। প্ৰসংগক্ৰমে মঙলবাৰৰ খেলখনত ইডেনৰ খেলপথাৰত বাংলাদেশৰ বহু নাগৰিক উপস্থিত আছিল।

    ৭ অক্টোবৰত পেলেষ্টাইনৰ বাবে সশস্ত্ৰ গোট হামাছে ইজৰাইলৰ ভূখণ্ডত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। ২০০ৰো অধিক নাগৰিকক বন্দী কৰি গাজালৈ লৈ যায়। সেই আকস্মিক আক্ৰমণত প্ৰায় ১৪০০ লোকৰ মৃত্যু হৈছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলৰ সেনাই গাজাত আক্ৰমণ কৰে। এই পৰ্যন্ত কমেও আঠ হাজাৰ লোকৰ মৃত্যু হৈছে। আধাতকৈ অধিক শিশু। গাজাৰ যুদ্ধৰ অন্ত পেলাবলৈ ৰাষ্ট্ৰসংঘৰ ভোটদানৰ পৰা ভাৰতে বিৰত আছে।