• চেম্পিয়নছ ট্ৰফী ২০২৫ ; ভাৰতক আকৰ্ষণৰ নতুন পন্থা পাকিস্তানৰ

    ক্ৰীড়া
    চেম্পিয়নছ ট্ৰফী ২০২৫ ; ভাৰতক আকৰ্ষণৰ নতুন পন্থা পাকিস্তানৰ
    ডিজিটেল ডেস্কঃ পৰৱৰ্তী আইচিচি চেম্পিয়নছ ট্ৰফী আয়োজন কৰিব পাকিস্তানে। ২০২৫ চনৰ আৰম্ভণিতে অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনৰ বাবে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে জোৰদাৰ প্ৰস্তুতি চলাইছে। কিন্তু ভাৰতীয় ক্ৰিকেট দলটোৱে চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানলৈ যোৱাৰ সম্ভাৱনা ক্ষীণ। ভাৰত আৰু পাকিস্তানৰ মাজৰ দুঃসম্পৰ্ক আৰু পাকিস্তানৰ নিৰাপত্তাৰ ভাবুকিৰ মাজতো পিচিবি আশাবাদী যে ভাৰতীয় দলে এই প্ৰতিযোগিতাৰ বাবে পাকিস্তানলৈ আহিব। এই সকলোবোৰৰ মাজতে ভাৰতীয় অনুৰাগীৰ বাবে পিচিবিয়ে এটা বৃহৎ সিদ্ধান্ত লৈছে।

    ICC considers additional venues for Champions Trophy 2025 | Cricket News -  Times of India



    পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ তথা কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী মহছিন নাকভিয়ে অহা বছৰৰ আইচিচি চেম্পিয়নছ ট্ৰফীৰ খেল উপভোগ কৰিবৰ বাবে নিজৰ দেশলৈ আহিব বিচৰা ভাৰতীয় অনুৰাগীসকলৰ বাবে দ্ৰুত ভিছা প্ৰদান কৰাৰ আশ্বাস দিছে। নকভিয়ে কয় যে চেম্পিয়নছ ট্ৰফীৰ খেল উপভোগ কৰিবলৈ বৃহৎ সংখ্যক ভাৰতীয় ক্ৰিকেট প্ৰেমীয়ে পাকিস্তান ভ্ৰমণ কৰিব বুলি পিচিবি আশাবাদী। তেওঁ বিচাৰে ভাৰতীয় অনুৰাগীয়ে পাকিস্তানলৈ আহি লাহোৰত এই দুয়োখন দেশৰ মাজত খেলখন চাব। নাকভিয়ে উদ্ধৃতিৰে কয় যে, ‘আমি ভাৰতীয় অনুৰাগীৰ বাবে টিকটৰ বিশেষ কোটা ৰাখিম আৰু আমি অতি সোনকালে ভিছা প্ৰদানৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিম।’

    Champions Trophy 2025: Mohsin Naqvi confident India will travel to Pakistan  - India Today

    নকভিয়ে কয় যে তেওঁ নিশ্চিত যে পাকিস্তানত অনুষ্ঠিত হ'লেও ভাৰতে চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ কৰিব । তেওঁ কয়, "ভাৰতীয় দলটো আহিব লাগে । মই নাভাবো যে তেওঁলোকে ইয়ালৈ অহাটো বাতিল বা স্থগিত ৰাখিব আৰু আমি নিশ্চিত যে আমি চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানলৈ অহা সকলো দলকে আতিথ্য দিম ।"

    ভাৰত চৰকাৰে ল’ব সিদ্ধান্ত

    বিচিচিআইয়ে মত প্ৰকাশ কৰিছে যে তেওঁলোকে পাকিস্তান ভ্ৰমণৰ ক্ষেত্ৰত চৰকাৰৰ যিকোনো নীতিগত সিদ্ধান্ত মানি চলিব । ২০০৮ চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতীয় দলে পাকিস্তান ভ্ৰমণ কৰা নাই । ২০০৭ চনৰ পৰা দুয়োখন দেশৰ মাজত কোনো টেষ্ট শৃংখলাও অনুষ্ঠিত হোৱা নাই ।