ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ ছিনিয়ৰ ক্ৰিকেট দলৰ বাবে গাব্বা ক্ৰিকেট গ্ৰাউণ্ড আছিল প্ৰধান দুৰ্গ। প্ৰায় তিনি দশক পাছত ভাৰতে ব্রিজবেন টেষ্টত জয়লাভ কৰাৰ লগতে শেষৰটো অষ্ট্ৰেলিয়া ভ্ৰমণত ২-১ৰ ব্যৱধানত টেষ্ট ছিৰিজত জয়লাভ কৰে৷ সেই ছিৰিজত বিশেষকৈ গাব্বাত ভাৰতৰ মিডিল অৰ্ডাৰ বেটছমেন চেতেশ্বৰ পূজাৰাই নিজৰ শৰীৰত এটাৰ পিছত এটা বলৰ আঘাত সহ্য কৰি খেলি গৈইছল স্মৰণীয় ইনিংছ। আঘাতৰ বেদনা সহ্য কৰি শেষ দিনৰ যুঁজত ভাৰতৰ বাবে এক অবিস্মৰণীয় জয়ৰ ভেটি স্থাপন কৰিছিল চেতেশ্বৰ পূজাৰাই।
চতুৰ্থ ইনিংছত ৩২৬ ৰান কৰি ভাৰতে ১৬ টা বল বাকী থকা অৱস্থাত ৩ উইকেটত টেষ্টমেচখনত জয়লাভ কৰিছিল। ১৯৮৬ চনত গাব্বাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অন্তিমবাৰৰ বাবে টেষ্টত পৰাস্ত হৈছিল অষ্ট্ৰেলিয়াই। তাৰপাছত আৰু গাব্বাত আন কোনে দলে তেওঁলোকক পৰাস্ত কৰিব পৰা নাছিল। অৰ্থাৎ ৩১ বছৰ ধৰি অক্ষত অভিলেখ ভংগ কৰিছিল ভাৰতে। শৃংখলাত শুভমন গীলে ৯১ ৰান সংগ্ৰহ কৰে। ১৩৭টা বলত ৬৯ ৰানৰ অপৰাজিত ইনিংছ খেলি পণ্টে ভাৰতক জয়ৰ দিশে আগুৱাই লৈ গৈছিল। সেই মেচখনৰ চতুৰ্থ ইনিংছত ২১১টা বলত ৫৮ ৰানৰ অনবদ্য ইনিংছ খেলিছিল চেতেশ্বৰ পূজাৰাই।
শেহতীয়াকৈ, সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পূজাৰাই কয় যে, ‘মই ভাবো এই কথাটোৱে মোক আৰু ভাল কিবা এটা কৰিবলৈ প্ৰেৰণা দিয়ে। প্ৰথম দুটা আঘাতৰ বাবে মই প্ৰচণ্ড বিষ অনুভৱ কৰিছিলো। একে ঠাইতে ২-৩ বাৰ আঘাত পাইছিলো। এটা সময়ত বলটো মোৰ আঙুলিৰ ওচৰত জোৰেৰে খুন্দা মাৰিছিল। অসহ্যকৰ আছিল সেই বেদনা। ফিজিঅ’ৰ সৈতে মই কথা পাতিছিলো। ফিজিঅ’ই মোক সুধিছিল পেইন কিলাৰ লম নে নাই? মই অস্বীকাৰ কৰিছিলো। খেলচলাকালীন সময়ত ঔষধ সেৱন কৰিলে মোৰ একাগ্ৰতা হেৰাই যায়। বলে আঘাত কৰিলেও পৰাজয় স্বীকাৰ কৰিব নোৱাৰো বুলি নিজকে নিজে বুজনি দিছিলো। কাৰণ, মোৰ লক্ষ্যই হৈছে দেশৰ হৈ মেচখনত জয়ী হোৱা বা ড্ৰ’ কৰা।’
Leave A Comment