ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অলপতে অৱসৰ গ্ৰহণ কৰিছে মিথালী ৰাজে। দেশৰ সৰ্বকালৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰগৰকীয়ে দেশৰ জাৰ্ছী পিন্ধি খেলিব নোৱাৰিব বুলি ঘোষণা কৰিছিল দিনদিয়েক আগেয়ে। মিথালীৰ অৱসৰৰ খবৰ পোহৰলৈ অহাৰ পাছতে বিষয়টো নানা ধৰণে চৰ্চিত হোৱা দেখা গৈছে। এইবাৰ মিথালীৰ প্ৰশংসাত পঞ্চমুখ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেওবাৰে ৰেডিঅ’ অনুষ্ঠান ‘মন কী বাত’ত মিথালীক চেলুট জনায় মোদীয়ে।
দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘দেশৰ অন্যতম প্ৰতিভাৱান ক্ৰিকেটাৰ সকলৰ ভিতৰত মিথালীও এগৰাকী। তেওঁ অলপতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। তেওঁৰ এই সিদ্ধান্তই জোকাৰি গৈছে ক্ৰীড়াজগত। মিথালী কেৱল এগৰাকী অনন্য, সাধাৰণ খেলুৱৈয়েই নহয়, তেওঁ আন বহু খেলুৱৈৰ বাবে প্ৰেৰণা।’
মহিলা ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী ক্ৰিকেটাৰগৰাকীয়ে শেহতীয়াকৈ ঘোষণা কৰিছে তেওঁৰ পৰৱৰ্তী লক্ষ্য। এটা ক্ৰীড়া ৱেবছাইটৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মিথালীয়ে কয় যে ভৱিষ্যতে নিজকে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডত চাব বিচাৰিব। মিথালীয়ে কয়, ‘মই এজন ক্ৰীড়া প্ৰশাসক হিচাপে কাম কৰি ভাল পাম। যদি মই সেই সুযোগ পাওঁ। মই ইমান বছৰৰ অভিজ্ঞতাক ব্যৱহাৰ কৰিব বিচাৰো। মই খেলুৱৈ হিচাপে মোৰ কেৰিয়াৰৰ বিভিন্ন পৰ্যায় দেখিছো। এগৰাকী মহিলাৰ এটা নিৰ্দিষ্ট স্থানত থকাটো প্ৰয়োজন। মই বছৰ বছৰ ধৰি মহিলা দলৰ সৈতে আছো।বেলিণ্ডা ক্লাৰ্কে যিদৰে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট সলনি কৰিছে। ক্লেয়াৰ কনৰে ইংলেণ্ড ক্ৰিকেটৰ বাটকটীয়া হিচাপে বিবেচিত হৈছে। কথাবোৰ ভাবিবলগীয়া।’
Leave A Comment