• য়ুনেক্স-ছানৰাইজ ইণ্ডিয়া অ’পেন খেলিবলৈ সাজু তাৰকা শ্বাটলাৰ পি ভি সিন্ধু

    ক্ৰীড়া
    য়ুনেক্স-ছানৰাইজ ইণ্ডিয়া অ’পেন খেলিবলৈ সাজু তাৰকা শ্বাটলাৰ পি ভি সিন্ধু
    ডিজিটেল ডেস্কঃ ভাৰতৰ জনপ্ৰিয় শ্বাটলাৰ পি ভি সিন্ধুৱে ২২ ডিচেম্বৰত উদয়পুৰৰ বিলাসী ৰিজ’ৰ্ট ৰাফেলছত ভেংকট দত্ত সাইৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিয়াৰ বাতৰিৰে শিৰোনাম দখল কৰা পি ভি সিন্ধুৱে পুনৰ দখল কৰিছে সংবাদ শিৰোনাম৷

    বিয়াৰ মাহ-হালধিৰ গোন্ধ নৌযাওতেই পুনৰ বেডমিন্টন ক'ৰ্টলৈ প্ৰত্যাৱৰ্তন কৰাৰ বাবে সাজু হৈছে পি ভি সিন্ধু। 

    দুবাৰকৈ অলিম্পিক পদক জয় কৰা ভাৰতৰ মহিলা শ্বাটলাৰ পি ভি সিন্ধুৱে অহা ১৪-১৯ জানুৱাৰীলৈ নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া য়ুনেক্স-ছানৰাইজ ইণ্ডিয়া অ'পেন বি ডব্লিউ এফ ৱৰ্ল্ড ট্যুৰ ছুপাৰ ৭৫০ প্রতিযোগিতাত অংশ ল'ব। 

    উল্লেখ্য যে ভাৰতীয় বেডমিন্টন সন্থাই আয়োজন কৰা তৃতীয় সংস্কৰণৰ প্ৰতিযোগিতাখনত আয়োজক ভাৰতৰ সৰ্ববৃহৎ এটা দলে খেলিব। সিন্ধুৰ লগতে লক্ষ্য সেন, এইচ এছ প্রণয়, পুৰুষৰ ডাবলছ যুটি চিৰাগ ছেট্টী-সাত্বিক ছাইৰাজ ৰাংকিৰেড্ডীসহ অভিজ্ঞ তথা নৱাগত শ্বাটলাৰে গঠিত ভাৰতৰ ২১জনীয়া দলে প্রতিযোগিতাত খেলিব। 

    নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামৰ কে ডি যাদৱ ইনড'ৰ হলত অনুষ্ঠিত হ'ব লগা প্রতিযোগিতাখনত ২৮খন দেশৰ ২৫৬ পুৰুষ-মহিলা শ্বাটলাৰে অংশ ল'ব। ইয়াৰে ৫০ গৰাকী শ্বাটলাৰে অলিম্পিয়ান হোৱাৰ লগতে প্রায় সমসংখ্যক খেলুৱৈ অলিম্পিক, এছিয়ান গেমছ আৰু বিশ্ব চেম্পিয়নশ্বিপৰ পদকজয়ী তাৰকাৰ লগতে শীর্ষ ৰেংকিং লাভ কৰা। 

    এইবাৰ প্ৰতিযোগিতাৰ প্রাইজমানি ৯৫০ হাজাৰ মার্কিন ডলাৰ হোৱাৰ লগতে বিশ্ব বেডমিন্টন সন্থাই ১১ হাজাৰ ৰেংকিং পইন্ট প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।