• আইপিএলঃ প্রথম মেচত দূৰ্দান্ত প্ৰদৰ্শন কৰিও সুখী নহয় ৰচীন ৰবীন্দ্ৰ! কি ক’লে চিএছকেৰ তাৰকাগৰাকীয়ে?

    ক্ৰীড়া
    আইপিএলঃ প্রথম মেচত দূৰ্দান্ত প্ৰদৰ্শন কৰিও সুখী নহয় ৰচীন ৰবীন্দ্ৰ! কি ক’লে চিএছকেৰ তাৰকাগৰাকীয়ে?
    ডিজিটেল ডেস্কঃ ৰচিন ৰবিন্দ্ৰ সুখী নহয়। ভাল খেলাৰ পিছতো তেওঁ সুখী নহয়। নিউজিলেণ্ডৰ এইগৰাকী ক্ৰিকেটাৰে আই পি এলৰ প্ৰথমখন খেলত দৃষ্টি আকৰ্ষণ কৰিছিল। ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বিৰুদ্ধে দলৰ জয়ত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কিন্তু ৰবীন্দ্ৰই এতিয়াই নিজকে তাৰকা বুলি ক’ব নিবিচাৰে।

    আৰচিবিৰ বিৰুদ্ধে ১৫টা বলত ৩৭ ৰানৰ ইনিংছ খেলি ৰবীন্দ্ৰই অ’পেন কৰে। তেওঁৰ আক্ৰমণাত্মক বেটিং ইনিংছ আৰম্ভণিৰে পৰাই গঢ় লৈ উঠিছে। মাত্ৰ এখন মেচৰ প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ নিজকে তাৰকা বুলি ক’ব নিবিচাৰে। খেলখনৰ শেষত ৰবীন্দ্ৰই কয় - ''দলীয় প্ৰদৰ্শনৰ বাবেই আমি জয়ী হৈছিলো। উইকেটটো বৰ ভাল আছিল। কোনোমতে মোৰ স্নায়ু ধৰি ৰাখিব পাৰিলোঁ। মই যি কৰিব লাগিছিল তাকেই কৰিলোঁ। দলটোক ৰান খেদিবলৈ সহায় কৰিছিল। কাষত ৰুতুৰাজ (গৈকৱাদ) থকাৰ বাবে কামবোৰ সহজ হৈ পৰিল। কিন্তু এখন মেচৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি কাকো তাৰকা বুলি ক’ব নোৱাৰি। মই এতিয়াও সেই ঠাইলৈ যোৱা নাই।"

    লগতে মহেন্দ্ৰ সিং ধোনীক তেওঁৰ ভাল খেলৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৰবীন্দ্ৰই। তেওঁ কয়, ‘মই যোৱা বছৰ ভাৰতত খেলিছিলো। ধোনি ছাৰে এইবাৰ অহাৰ পিছত বহুত সহায় কৰিলে। সকলো দলৰ সৈতে বুজাবুজি ভাল হৈছে। চেন্নাই অনুৰাগীৰ আৱেগ বুজি পাওঁ। প্ৰথমখন খেলত জয়ী হোৱাৰ পিছত আত্মবিশ্বাস বহুত বাঢ়িল। এইবাৰ ভাল ফলাফল পাম বুলি আশা কৰিলোঁ।"