• আইপিএলত আজি হাইভ’ল্টেজ মেচত ৰাজস্থানৰ মুখামুখি হ’ব বেংগালুৰু; ৰিয়ান পৰাগলৈ শুভেচ্ছা অসমবাসীৰ

    ক্ৰীড়া
    আইপিএলত আজি হাইভ’ল্টেজ মেচত ৰাজস্থানৰ মুখামুখি হ’ব বেংগালুৰু; ৰিয়ান পৰাগলৈ শুভেচ্ছা অসমবাসীৰ
    ডিজিটেল ডেস্ক: চলিত আইপিএলত প্ৰত্যাশিতভাৱে অভিযান আৰম্ভ কৰিছে ৰাজস্থান ৰয়েলছে৷ উদ্বোধনী বৰ্ষৰ চেম্পিয়ন দলটোৱে ইতিমধ্যে নিজৰ প্ৰথম তিনিখন মেচৰ কেউখনতে জয়লাভ কৰি হেট্ৰিক অৰ্জন কৰিছে৷ আজি জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছে বহুপ্ৰত্যাশিত ‘পিংক প্ৰমিছ’ মেচখন খেলিব৷ মেচখনক লৈ দলটো আত্মবিশ্বাসী বুলি কালি সংবাদমেলত ব্যক্ত কৰে ৰয়েলছৰ সদস্য তথা টীম ইণ্ডিয়াৰ স্পীনাৰ য়ুজবেন্দ্ৰ চাহলে৷

    আজিৰ হাইভ’ল্টেজ মেচখনত ৰাজস্থান ৰয়েলছ মুখামুখি হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ। আজি আইপিএলৰ ১৯নম্বৰ মেচত মুখামুখি হ’ব ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংলাগলুৰু। এতিয়ালৈকে এইবাৰৰ আইপিএলত অপৰাজিত হৈ আছে ৰাজস্থান ৰয়েলছ। আনহাতে চাৰিখন মেচ খেলি মাত্ৰ এখন মেচত জয়ী হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু।

    আজি ৰাজস্থান ৰয়েলছৰ হৈ ফিল্ডত দেখা যাব অসম সন্তান ৰিয়ান পৰাগক৷ উল্লেখ্য যে ৰাজস্থান ৰয়েলছৰ হৈ বৰ্তমানলৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰিছে ৰিয়ান পৰাগে। দুটাকৈ অৰ্ধশতকেৰে ৩খন মেচত ১৮১ ৰাণ সংগ্ৰহ কৰিছে ৰিয়ানে। আনহাতে বিৰাট কোহলীৰ প্ৰদৰ্শনৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব আজি। বৰ্তমানলৈ বিৰাট কোহলীয়ে দুটা অৰ্ধ শতকেৰে ২০৩ ৰাণ সংগ্ৰহ কৰিছে। আইপিএলৰ অৰেঞ্জ কেপৰ দৌৰত প্ৰথম স্থানত আছে বিৰাট কোহলী আনহাতে  দ্বিতীয় স্থানত আছে অসম সন্তান ৰিয়ান পৰাগ।