ডিজিটেল ডেস্ক: কেৰালাই প্ৰথমবাৰলৈ ৰঞ্জি ট্ৰফী ক্ৰিকেটৰ ফাইনেলত প্ৰৱেশ কৰিছে। ঘৰুৱা ক্ৰিকেটৰ আগশাৰীৰ প্রতিযোগিতাখনত অভিষেক ঘটোৱাৰ দীৰ্ঘ ৬৮ বছৰৰ বিৰতিত এই প্ৰথমবাৰ খিতাপৰ যুঁজত উপনীত হোৱাৰ কৃতিত্ব অর্জন কৰে।
গুজৰাটৰ বিৰুদ্ধে প্রথম ইনিংছত নাটকীয়ভাৱে ২ ৰানৰ অগ্ৰগতিৰ জৰিয়তে ফাইনেলত স্থান নিশ্চিত কৰে কেৰালাই। শুকুৰবাৰে পঞ্চম তথা অন্তিম দিনা ৭উইকেটত ৪২৯ ৰানৰ পৰা খেল আৰম্ভ কৰিছিল ঘৰুৱা গুজৰাটে। প্রথম ইনিংছত অগ্রগতি লাভৰ বাবে গুজৰাটক প্রয়োজন আছিল মাথোঁ ২৯ ৰানৰ। পিছে বাওঁহতীয়া স্পীনাৰ আদিত্য ছাৰৱাটেই দখল কৰা অন্তিম তিনিটা উইকেটৰ সহায়ত গুজৰাটক ১৭৪.৪ অ'ভাৰত ৪৫৫ ৰানত সীমিত ৰাখে কেৰালাই। প্রথম ইনিংছত কেৰালাই কৰিছিল ৪৫৭ ৰান।
অন্তিম দিনৰ অৱশিষ্ট সময়খিনিত কেৰালাই দ্বিতীয় ইনিংছ আৰম্ভ কৰি ৪ উইকেটত ১১৪ ৰান কৰাৰ সময়তে খেল ড্ৰৰে সমাপ্ত হয়। ইফালে, আনখন ছেমি ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন মুম্বাইক ৮০ ৰানত হৰুৱাই ফাইনেলত প্ৰৱেশ কৰে বিদৰ্ভই। জয়ৰ বাবে প্রত্যাহ্বানমূলক স্ক'ৰ ৪০৬ ৰানৰ পিছ লোৱা মুম্বায়ে ৩২৫ ৰানত দ্বিতীয় ইনিংছ সামৰি পৰাজয়বৰণ কৰে। ছাৰ্দুল ঠাকুৰে ৬৬ ৰান কৰি যুঁজ দিলেও বাওঁহতীয়া স্পীনাৰ হৰ্ষ ডুবেই আগদিনা দখল কৰা দুটা উইকেটৰ লগতে শুকুৰবাৰে আন তিনিটা উইকেট দখল কৰি বিদৰ্ভই জয় কঢ়িয়াই আনে। সংক্ষিপ্ত স্ক'ৰঃ বিদর্ভঃ ৩৮৩ আৰু ২৯২। মুম্বাই: ২৭০ আৰু ৩২৫।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment