• অশ্বিন-জাদেজাৰ যুটিয়ে গঢ়িলে ইতিহাস; পাছ পেলালে মেকগ্ৰাথ-গিলেস্পীক

    ক্ৰীড়া
    অশ্বিন-জাদেজাৰ যুটিয়ে গঢ়িলে ইতিহাস; পাছ পেলালে মেকগ্ৰাথ-গিলেস্পীক
    ডিজিটেল ডেস্কঃ ভাৰতীয় স্পিন পেয়াৰ ৰবি অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাৰ নামত এক বৃহৎ অভিলেখ পঞ্জীয়ন হৈছে।দৰাচলতে ৰবি অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাৰ যুটিয়ে টেষ্ট মেচত ভাৰতৰ হৈ ৪৮৬টা উইকেট দখল কৰিছে। এতিয়া ৰবি অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাৰ যুটিয়ে অষ্ট্ৰেলিয়াৰ গ্লেন মেকগ্ৰাথ আৰু জেছন গিলেস্পীক সৰ্বাধিক উইকেট দখল কৰা যুটিৰ তালিকাত পাছ পেলাইছে। 

    ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ডমিনিকা টেষ্টত ৰবিচন্দ্ৰন অশ্বিনে ৫টা উইকেট দখল কৰে। আনহাতে ৰবীন্দ্ৰ জাদেজাই ৩টা উইকেট দখল কৰে। এইদৰে ৱেষ্ট ইণ্ডিজৰ প্ৰথম ইনিংছত ৰবি অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাৰ যুটিয়ে ৮ জন খেলুৱৈক পেভিলিয়নৰ পথ দেখুৱাইছিল। টেষ্ট ফৰ্মেটত ৩৩ সংখ্যক বাৰৰ বাবে ৫টা উইকেট দখল কৰাৰ কৃতিত্ব ৰবি অশ্বিনে কৰে। লগতে এইগৰাকী অফ স্পিনাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৭০০ উইকেটৰ সংখ্যাও অতিক্ৰম কৰে।

    ইয়াৰ পূৰ্বে এই অভিলেখ অষ্ট্ৰেলিয়াৰ যুটি গ্লেন মেকগ্ৰাথ আৰু জেছন গিলেস্পীৰ নামত লিপিবদ্ধ কৰা হৈছিল। কিন্তু ৰবি অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাৰ যুটিয়ে এই তালিকাত আগবাঢ়ি গৈছে।উল্লেখ্য যে, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ডমিনিকা টেষ্টত ৰবি অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাৰ উপৰিও মহম্মদ চিৰাজ আৰু শ্বাৰ্দুল ঠাকুৰে ১-১ উইকেট দখল কৰে।

    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor