• ঋষভ পণ্টলৈ লৰিয়াছ বিশ্ব বঁটা

    ক্ৰীড়া
    ঋষভ পণ্টলৈ লৰিয়াছ বিশ্ব বঁটা
    ডিজিটেল ডেস্ক: ভয়াৱহ দুৰ্ঘটনাৰ পাছতো সদর্পে ক্রীড়া ক্ষেত্রলৈ প্ৰত্যাৱৰ্তন ঘটোৱা ভাৰতৰ তাৰকা বেটাৰ-কীপাৰ ঋষভ পণ্ট 'লৰিয়াছ' বিশ্ব বঁটাৰ বাবে মনোনীত হৈছে। ২০২২ চনৰ ৩০ ডিচেম্বৰত ভয়াৱহ পথ দুৰ্ঘটনাত পতিত হোৱা পণ্ট সন্মানীয় 'লৰিয়াছ' বিশ্ব ক্ৰীড়া বঁটা ২০২৫ৰ বাবে মনোনীত হৈছে। 

    মাদ্রিদত অহা ২১ এপ্রিলত উক্ত বঁটা প্ৰদান কৰা হ'ব। দিল্লীৰ পৰা নিজৰ ঘৰুৱা চহৰ ৰুৰকীলৈ গাড়ী চলাই যোৱাৰ সময়তে ভয়ানক দুর্ঘটনাত পতিত হয় পণ্ট। উক্ত ভয়াৱহ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণৰক্ষা পৰা পণ্টক প্রথমে ডেৰাডুনত প্রাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছত মুম্বাইলৈ স্থানান্তৰ কৰা হৈছিল, য'ত বি চি চি আইৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত চিকিৎসা চলে।

    পৰৱৰ্তী সময়ত বেংগালুৰুত পণ্ট পুনৰ সংস্থাপনত ব্যস্ত হয়। দ্রুত সুস্থ হৈ উঠা পন্টে যোৱা বছৰত মুলানপুৰত পঞ্জাব কিংছৰ বিৰুদ্ধে তেতিয়াৰ তেওঁৰ আই পি এলৰ দল দিল্লী কেপিটেলছৰ হৈ খেলপথাৰলৈ উভতি আহে। পন্টে ইয়াৰ পাছত টেষ্টলৈ উভতি আহে। দুৰ্ঘটনাৰ পাছত নিজৰ প্ৰথমখন টেষ্টত বাংলাদেশৰ বিৰুদ্ধে শতৰান গোটায় পন্টে। পণ্টৰ প্ৰদৰ্শনৰ জোৰতে ভাৰতে টেষ্টখনত জয়লাভ কৰে।

    উৎস- দৈনিক জনমভূমি


    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinejudi baccarat onlinesabung ayam onlinecasino onlinesabung ayam online livezeus slotslotsitus slotlive casino onlinesv388scatter hitamsabung ayam onlineagen casino online