• ২০২৩ৰ বিশ্বকাপৰ ফাইনেলত তেওঁ খেলাহেঁতেন জিকিলহেঁতেন ভাৰত! আক্ষেপ ঋষভ পণ্টৰ

    ক্ৰীড়া
    ২০২৩ৰ বিশ্বকাপৰ ফাইনেলত তেওঁ খেলাহেঁতেন জিকিলহেঁতেন ভাৰত! আক্ষেপ ঋষভ পণ্টৰ
    ডিজিটেল ডেস্কঃ ঋষভ পণ্টে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপত আঘাতৰ বাবে খেলা নাছিল। টি-২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে খেলাৰ পূৰ্বে পণ্টে সেই মেচখনৰ বিষয়ে কয়। কয় যে তেওঁ ফাইনেলত খেলিলে ভাৰতৰ ফলাফল সলনি হ’ব পাৰিলেহেঁতেন।

    এদিনীয়া বিশ্বকাপৰ আৰম্ভণিৰ পৰা শেষলৈকে একেৰাহে ১০খন মেচত জয়লাভ কৰিছিল ভাৰতে। কিন্তু ফাইনেলত তেওঁলোকে অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হয়। দেশৰ এক লাখ দৰ্শকৰ সন্মুখত পৰাজয়ৰ পিছতে ৰোহিত শৰ্মা, বিৰাট কোহলীক কান্দি থকা দেখা গ’ল।

    সেই মেচখনৰ বিষয়ে পণ্টে কয়- ‘‘যদি মই ২০২৩ চনৰ বিশ্বকাপৰ ফাইনেল খেলিলোহেঁতেন আমি ৩০০ ৰানতকৈ অধিক ৰান সংগ্ৰহ কৰিলোঁহেঁতেন।’’ অৰ্থাৎ পন্থে ইংগিত দিলে যে তেওঁ খেলা হ’লে ভাৰতে মেচখনত জয়ী হ’ব পাৰিলেহেঁতেন।

    ১৮ মাহৰ পাছত পুনৰ জাতীয় দললৈ উভতি আহে পণ্ট। আই পি এলত ভাল ৰান কৰাৰ পাছত আয়াৰলেণ্ডৰ বিৰুদ্ধেও এটা ৰান সংগ্ৰহ কৰে।