• মোক চৰিত্ৰ বেলেগ, মই বেলেগ ধৰণে কাম কৰো, মোক চম্ভালাটো সহজ নহয়ঃ ৰিয়ান পৰাগ

    ক্ৰীড়া
    মোক চৰিত্ৰ বেলেগ, মই বেলেগ ধৰণে কাম কৰো, মোক চম্ভালাটো সহজ নহয়ঃ ৰিয়ান পৰাগ
    ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেটত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ‘অবাধ্য’ ক্ৰিকেটাৰৰ সংখ্যা। ঈশান কিষাণ আৰু শ্ৰেয়াছ আয়াৰক বিগত সময়ত বিভিন্ন অপৰাধৰ বাবে শাস্তি প্ৰদান কৰা হৈছিল। তাৰ আগতে ৰিয়ান পৰাগক জাতীয় দলৰ পৰা বাদ দিয়া হৈছিল। ৰিয়ানে জনাই দিছে যে তেওঁক চম্ভালিব পৰাটো সহজ কাম নহয়। 

    দেওবাৰে লক্ষ্ণৌৰ বিৰুদ্ধে ৰাজস্থানৰ জয়ত ৰিয়ানে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। তেওঁ ২৯টা বলত ৪৩ ৰানৰ ইনিংছ খেলিছিল। বিগত সময়ত বিভিন্ন কাৰণত খেলপথাৰত বিতৰ্কৰ সৃষ্টি কৰা ক্ৰিকেটাৰগৰাকীয়ে কয়, ‘মই যি কৰো সেয়া কঠোৰ পৰিশ্ৰমৰ জৰিয়তে শিকিব লাগিব। কোনোবাই যদি মোৰ বিষয়ে ভাল কথা কয়, তেন্তে মই মাত্ৰ সেইটোৱেই মনত ৰাখোঁ। বাকী সকলো বাহিৰৰ শব্দ। মোৰ দৰে ক্ৰিকেটাৰ এজনক চম্ভালিবলৈ সহজ নহয়। মোৰ চৰিত্ৰ বেলেগ। মই বেলেগ ধৰণে কাম কৰো। বিপদৰ সময়ত ৰাজস্থান মোৰ কাষত থিয় দিয়ে। আশাকৰোঁ মই তেওঁলোকৰ আস্থা ঘূৰাই দিব পাৰিম।"

    তেওঁ স্পষ্টকৈ কৈছে যে তেওঁ বাহিৰৰ কোনো কথা নুশুনে। ৰিয়ানৰ ভাষাত, “মই ভালদৰে প্ৰস্তুত আৰু প্ৰতিদিনে মোৰ শ্ৰেষ্ঠখিনি দিবলৈ সাজু, তেন্তে মই সুখী। বহুতে মোৰ বিষয়ে বহু কথা কয়। মোৰ বিষয়ে বহু কথা কোৱা হয়। কিন্তু একো শুনা নাই। মই যি কৰিব লাগে তাকেই কৰি লওঁ।”