• আইপিএলঃ দিল্লীৰ বিৰুদ্ধে মাত্ৰ এক ৰানৰ বাবে অৰ্ধশতকৰ পৰা বঞ্চিত ৰোহিত শৰ্মা, তথাপিতো স্পৰ্শ কৰিলে বিৰাট কোহলীৰ ৰেকৰ্ড

    ক্ৰীড়া
    আইপিএলঃ দিল্লীৰ বিৰুদ্ধে মাত্ৰ এক ৰানৰ বাবে অৰ্ধশতকৰ পৰা বঞ্চিত ৰোহিত শৰ্মা, তথাপিতো স্পৰ্শ কৰিলে বিৰাট কোহলীৰ ৰেকৰ্ড
    ডিজিটেল ডেস্কঃ ফৰ্মলৈ উভতি আহিল ৰোহিত শৰ্মা। ঘৰুৱা ক্ষেত্ৰত দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৪৯ ৰান সংগ্ৰহ কৰে। ৰোহিতে ১ ৰানৰ বাবে অৰ্ধ শতক অৰ্জনৰ পৰা বঞ্চিত হয়। ইয়াৰ পিছতো মুম্বাইৰ বেটছমেনগৰাকীয়ে বিৰাট কোহলীক স্পৰ্শ কৰে।

    আই পি এলত দিল্লীৰ বিৰুদ্ধে মাত্ৰ দুজন বেটছমেনেহে ১০০০ ৰানৰো অধিক ৰান সংগ্ৰহ কৰিছে। সেই তালিকাত ইমান দিনে বিৰাট অকলে আছিল। এইবাৰ যোগদান কৰিলে ৰোহিতে। দিল্লীৰ বিৰুদ্ধে আই পি এলত বিৰাটে ১০৩০ ৰান সংগ্ৰহ কৰে। দ্বিতীয় স্থানত আছে ৰোহিত। দিল্লীৰ বিৰুদ্ধে তেওঁৰ ৰান আছিল ১০১৯ ৰান।

    এই মেচখনৰ প্ৰথম বলৰ পৰাই ৰোহিতৰ অগ্নিময় মেজাজ আছিল। তেওঁ ডাঙৰ ডাঙৰ শ্বট মাৰি আছিল। পেচাৰ, স্পিনাৰে কাকো ৰেহাই দিয়া নাছিল। পাৱাৰ প্লে ব্যৱহাৰ কৰি তেওঁ ডাঙৰ ডাঙৰ শ্বট মাৰি আছিল। ৰোহিতে পছন্দৰ পুল শ্বট খেলাও দেখা গৈছে। এনে লাগিছিল যেন এই মেচত তেওঁ অৰ্ধশতক অৰ্জন কৰিব। কিন্তু ২৭টা বলত ৪৯ ৰান কৰাৰ পাছত অক্ষৰ পেটেলৰ বলৰ লাইন মিছ কৰি বল কৰা হয়। ৰোহিতে ৬টা চাৰি আৰু তিনিটা ছয় কৰে।

    চলিত আই পি এলৰ প্ৰথম চাৰিখন খেলত ৰোহিতে ১১৮ ৰান সংগ্ৰহ কৰে। তেওঁ গড়ে ২৯.৫০ ৰান আৰু ১৭১.০১ ষ্ট্ৰাইক ৰেট লাভ কৰে। অৱশ্যে মুম্বাইৰ বেটছমেনসকলে এটাও অৰ্ধশতক অৰ্জন কৰিব নোৱাৰিলে। এই মেচখনত তেওঁ সৰ্বাধিক ৪৯ ৰান সংগ্ৰহ কৰে।