• আইপিএলঃ শতক অৰ্জন কৰি দুটা অভিলেখ গঢ়িলে ৰোহিত শৰ্মাই! এটা সফলতা আৰু আনটো লজ্জাৰ

    ক্ৰীড়া
    আইপিএলঃ শতক অৰ্জন কৰি দুটা অভিলেখ গঢ়িলে ৰোহিত শৰ্মাই! এটা সফলতা আৰু আনটো লজ্জাৰ
    ডিজিটেল ডেস্কঃ একেখন মেচতে সফলতা আৰু লাজৰ দুটা উদাহৰণ দাঙি ধৰিলে ৰোহিত শৰ্মাই। দেওবাৰে ৱানখেদে ষ্টেডিয়ামত ৰান খেদি ৰোহিতে শতক অৰ্জন কৰে। ইয়াৰ পিছতে চেন্নাই ছুপাৰ কিংছৰ হাতত পৰাস্ত হয় মুম্বাই ইণ্ডিয়ানছ। এই মেচত ৰোহিতে ৰেকৰ্ড কৰে। লাজৰো নজিৰ গঢ়ি তুলিছে।

    চেন্নাইৰ বিৰুদ্ধে ৰোহিতে ৫টা ছয় মাৰে। ফলত তেওঁ টি-২০ত ৫০০ ছয় কৰিছে। এই মেচৰ পূৰ্বে ৰোহিতৰ ছয়ৰ সংখ্যা আছিল ৪৯৭। মেচৰ পিছত ই ৫০২ত থিয় দিছিল। টি-২০ত ৫০০ বা তাতকৈ অধিক ছয় কৰা প্ৰথমজন ভাৰতীয় ৰোহিত। তেওঁৰ পূৰ্বে আৰু চাৰিজন লোকে এই কৃতিত্ব অৰ্জন কৰিছে। তেওঁলোক হ’ল ক্ৰীছ গেইল, কিয়ৰন পোলাৰ্ড, আন্দ্ৰে ৰাছেল আৰু কলিন মুনৰো।

    আই পি এলত ৪৩৫৫ দিনৰ অন্তত পুনৰ শতক অৰ্জন কৰে ৰোহিতে। কিন্তু তেওঁ দলটো জিকিব নোৱাৰিলে। ফলত এক লজ্জাজনক নজিৰ গঢ়ি উঠিছে। আই পি এলৰ ইতিহাসত ৰান খেদি অপৰাজিত শতক অৰ্জন কৰিও দল জয়ী নকৰা একমাত্ৰ বেটছমেন ৰোহিত। ইয়াৰ পূৰ্বে ইউছুফ পাথান আৰু সঞ্জু চেমছনে শতাধিক ৰান খেদিবলৈ সত্ত্বেও পৰাস্ত হ’বলগীয়া হৈছিল। কিন্তু তেওঁলোক আউট হৈছিল। অপৰাজিত হৈ খেলপথাৰ এৰি থৈ যায় ৰোহিতে।