• চেম্পিয়নছ ট্ৰফীৰ শ্রেষ্ঠ একাদশত নাই ৰোহিত শৰ্মা

    ক্ৰীড়া
    চেম্পিয়নছ ট্ৰফীৰ শ্রেষ্ঠ একাদশত নাই ৰোহিত শৰ্মা
    ডিজিটেল ডেস্কঃ পাকিস্তান আৰু ডুবাইত অনুষ্ঠিত চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত মেচ জয়ী ইনিংছ খেলে ভাৰতীয় অধিনায়ক ৰোহিত শর্মাই। দলক সন্মুখৰ পৰা নেতৃত্ব দিয়া ৰোহিতৰ ফাইনেলত ৭৬ ৰান আছিল জয়ৰ টার্নিং পইণ্ট। ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটাও লাভ কৰে ভাৰতীয় অ'পেনাৰগৰাকীয়ে। 

    সমগ্র প্রতিযোগিতাখনত ৰোহিতৰ অধিনায়কত্বৰ ভূয়সী প্রশংসা কৰা হয়। ইমানৰ পাছতো আই চি চি চেম্পিয়নছ ট্রফীৰ শ্ৰেষ্ঠ দলত স্থান নাপালে ৰোহিতে। আই চি চিয়ে প্ৰকাশ কৰা শ্ৰেষ্ঠ দলত ৰোহিতে স্থান নোপোৱাৰ বাবে সকলোকে অবাক কৰিছে। 

    আই চি চিৰ শ্ৰেষ্ঠ একাদশৰ বাবে নেতৃত্বৰ দায়িত্ব অর্পণ কৰা হৈছে নিউজিলেণ্ডৰ অধিনায়ক মিচেল ছাণ্টনাৰক। ইফালে, চেম্পিয়নছ ট্ৰফীৰ চেম্পিয়ন দল ভাৰতৰ ৫গৰাকী খেলুৱৈয়ে আই চি চিৰ একাদশত স্থান পাইছে। 

    তেওঁলোক হ'ল বিৰাট কোহলী, লোকেশ ৰাহুল, শ্রেয়াষ অয়াৰ, মহম্মদ ছামী আৰু বৰুণ চক্রৱর্তী। আই চি চিৰ শ্ৰেষ্ঠ একাদশঃ ৰাচিন ৰবীন্দ্ৰ, ইব্রাহিম জড্রান, বিৰাট কোহলী, শ্রেয়াষ আয়াৰ, লোকেশ ৰাহুল, গ্লেন ফিলিপ্‌ছ, আজমাত উল্লাহ ওমৰজাই, মহম্মদ ছামী, মেট হেনৰী, বৰুণ চক্ৰৱৰ্তী। দ্বাদশ খেলুৱৈ : অক্ষৰ পেটেল।