• আইপিএলঃ দূৰ্দান্ত অভিলেখ গঢ়িলে কলকাতা নাইট ৰাইডাৰ্ছৰ আন্দ্ৰে ৰাছেলে

    ক্ৰীড়া
    আইপিএলঃ দূৰ্দান্ত অভিলেখ গঢ়িলে কলকাতা নাইট ৰাইডাৰ্ছৰ আন্দ্ৰে ৰাছেলে
    ডিজিটেল ডেস্কঃ বেংগালুৰু খেলপথাৰত আন্দ্ৰে ৰাছেলে অভিলেখ গঢ়িছিল। শুকুৰবাৰে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বিৰুদ্ধে ২৯ ৰানেৰে ২টা উইকেট দখল কৰে। ২০০০ ৰান আৰু ১০০ উইকেটৰে আই পি এলৰ ইতিহাসত দ্বিতীয়জন অল ৰাউণ্ডাৰ হ’ল ৰাছেল।

    আৰচিবিৰ বিৰুদ্ধে প্ৰথমে বলিং কৰে কেকেআৰে। তেওঁলোকে বেংগালুৰুক ১৮২ ৰানত সীমাবদ্ধ কৰি ৰাখে। ৰাছেলে ৪ অভাৰত ২৯ ৰান সংগ্ৰহ কৰি ২ উইকেট দখল কৰে। তাৰ লগতে তেওঁ আই পি এলত ১০০টা উইকেট দখল কৰে। কলকাতা নাইট ৰাইডাৰ্ছৰ পূৰ্বে ৰাছেলে দিল্লী ডেয়াৰডেভিলছ (বৰ্তমান দিল্লী কেপিটেলছ)ৰ হৈ খেলিছিল। দুয়োটা দলৰ মাজত আই পি এলত ১১৪খন খেলত ৰাছেলে ২৩২৬ ৰান সংগ্ৰহ কৰি ১০০ উইকেট দখল কৰে। যদি তেওঁ আৰু এটা উইকেট লয় তেন্তে তেওঁ কেৱল কে কে আৰৰ বাবে ১০০ উইকেট সম্পূৰ্ণ কৰিব।

    ৰাছেলৰ বাহিৰে আন এজন ক্ৰিকেটাৰেহে আই পি এলত ২০০০ ৰান আৰু ১০০ উইকেট দখল কৰিছে। তেওঁ হৈছে চেন্নাই ছুপাৰ কিংছৰ ৰবীন্দ্ৰ জাডেজা। ৰাজস্থান ৰয়েলছ, কোচি টাস্কাৰছ, গুজৰাট লায়ন্সৰ হৈও খেলিছিল। জাদেজাই ২২৮খন খেলত ২৭২৪ ৰান সংগ্ৰহ কৰে। লগতে ১৫২টা উইকেট দখল কৰে।

    এই খেলখনত বিৰাট কোহলীৰ ৮৩ ৰানৰ ওপৰত আৰচিবিয়ে ১৮২ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত ১৯টা বল বাকী থকা অৱস্থাত কেকেআৰে মেচখনত জয়লাভ কৰে। সুনীল নাৰিনে ২২টা বলত ৪৭ ৰান সংগ্ৰহ কৰি অ’পেন কৰে। তেওঁৰ শক্তিশালী ইনিংছৰ ভিত্তিত কেকেআৰে আৰম্ভণিতে খেলখন নিজৰ হাতত লৈছিল।