• ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰলৈ বিচিচিআইৰ সৰ্বোচ্চ বঁটা; সন্মানীয় চি কে নায়ুডু বঁটাৰে সন্মানিত কৰা হ'ব ক্ৰিকেটাৰগৰাকীক

    ক্ৰীড়া
    ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰলৈ বিচিচিআইৰ সৰ্বোচ্চ বঁটা; সন্মানীয় চি কে নায়ুডু বঁটাৰে সন্মানিত কৰা হ'ব ক্ৰিকেটাৰগৰাকীক
    ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিলেখ গঢ়া কিংবদন্তি প্ৰাক্তন বেটছমেন শচীন টেণ্ডুলকাৰক শনিবাৰে বিচিচিআইৰ বাৰ্ষিক অনুষ্ঠানত ‘চি কে নায়ুডু জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হ’ব।


    এক প্ৰতিবেদন অনুসৰি, শনিবাৰে মুম্বাইত বিচিচিআইৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানত তেণ্ডুলকাৰক সন্মানিত কৰাৰ সম্ভাৱনা আছে। তেওঁক সন্মানীয় চি কে নায়ুডু বঁটা প্ৰদান কৰা হ'ব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই, কিন্তু এই মহান খেলুৱৈগৰাকীয়ে বিচিচিআইৰ সৰ্বোচ্চ বঁটা লাভ কৰাটো নিশ্চিত বুলি প্ৰকাশ পাইছে।

    সামগ্ৰিকভাৱে ভাৰতৰ প্ৰথম অধিনায়ক কৰ্ণেল চি কে নাইডুৰ সন্মানত ১৯৯৪ চনত প্ৰতিষ্ঠা কৰা এই বঁটা তেণ্ডুলকাৰ হ’ব ৩১ সংখ্যক পাওঁতা। ভাৰতৰ হৈ ৬৬৪খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা ৫১ বছৰীয়া তেণ্ডুলকাৰে ক্ৰীড়া জগতৰ ইতিহাসত সৰ্বাধিক টেষ্ট আৰু এদিনীয়া ৰান সংগ্ৰহৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

    ব’ৰ্ডৰ এক সূত্ৰই পিটিআইক জনোৱা মতে, ‘হয়, তেওঁ ২০২৪ চনৰ বাবে ‘চি কে নায়ুডু জীৱনজোৰা সাধনা বঁটা’ লাভ কৰিব।

    তেণ্ডুলকাৰৰ ২০০খন টেষ্ট আৰু ৪৬৩খন এদিনীয়া খেলৰ ইতিহাসত তেওঁৰ ৰাণ সৰ্বাধিক। এদিনীয়াত ১৮,৪২৬ ৰান সংগ্ৰহ কৰাৰ উপৰিও তেওঁ ১৫,৯২১ টা টেষ্ট ৰাণ সংগ্ৰহ কৰে ৷ অৱশ্যে তেওঁৰ কেৰিয়াৰত মাত্ৰ এটা টি-২০ ইণ্টাৰনেশ্যনেল খেলিছিল।
    ২০২৩ চনত এই আজীৱন সন্মান ভাৰতৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীক প্ৰদান কৰা হৈছিল।

    উল্লেখ্য যে এতিয়ালৈকে, মাত্ৰ ২৯ জন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আৰু ১ জন ক্ৰীড়া সাংবাদিকক সন্মানীয় চি কে নায়ুডু বঁটাৰে সন্মানিত কৰা হৈছে।কে. নিৰন প্ৰভু হৈছে একমাত্ৰ ক্ৰীড়া সাংবাদিক যাক এই সন্মানীয় বঁটাৰে সন্মানিত কৰা হৈছে।

    আনুষ্ঠানিকভাৱে বিচিচিআইয়ে এতিয়ালৈকে এই কথা নিশ্চিত কৰা নাই, কিন্তু বিচিচিআইৰ সূত্ৰই জনাইছে যে শনিবাৰে মুম্বাইত নমন বিচিচিআই বঁটা প্ৰদান অনুষ্ঠানত তেণ্ডুলকাৰক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হ'ব।