• আইপিএলৰ শ্ৰেষ্ঠ একাদশ বাচি উলিয়াইছে শচীনে, শচীনৰ দলত স্থান নাই ৰোহিত-কোহলীৰ

    ক্ৰীড়া
    আইপিএলৰ শ্ৰেষ্ঠ একাদশ বাচি উলিয়াইছে শচীনে, শচীনৰ দলত স্থান নাই ৰোহিত-কোহলীৰ
    ডিজিটেল ডেস্কঃ অলপতে সামৰণি পৰিছে চলিত বৰ্ষৰ আইপিএল৷ মেগা টুৰ্ণামেণ্টত দেখুওৱা প্ৰদৰ্শনৰ ভিত্তিত ভাৰতৰ প্ৰাক্তন অধিনায়ক শচীন তেণ্ডুলকাৰে বাচনি কৰি উলিয়াইছে শ্ৰেষ্ঠ একাদশ। মাষ্টাৰ ব্লাষ্টাৰৰ দলত স্থান নাপালে বিৰাট কোহলী, ৰোহিত শৰ্মাৰ দৰে তাৰকা ক্ৰিকেটাৰে। তেণ্ডুলকাৰে নিজৰ ইউটিউব চেনেলত কয় যে, খেলুৱৈসকলৰ নাম বা বিগত প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি দলটো বাছনি কৰা হোৱা নাই। এই ছিজনৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি দলটো গঠন কৰা হৈছে।’

    প্ৰথমবাৰ টুৰ্ণামেণ্টত খেলাৰ পিছত চেম্পিয়ন হয় গুজৰাট টাইটানছ। হাৰ্দিক পাণ্ডিয়াই আৰম্ভণিৰে পৰা দলটোক নেতৃত্ব দিছে-দৃঢ়তাৰে। তেণ্ডুলকাৰে নিজৰ দলৰ অধিনায়ক হিচাপে বাছনি কৰিছে হার্দিক পাণ্ডিয়াক। তেণ্ডুলকাৰে কয়, ‘হাৰ্ডিকৰ নেতৃত্বই দৃষ্টি কাঢ়িছে। তেওঁৰ চিন্তা-ভাৱনা স্পষ্ট। মই সদায় কওঁ অনুশোচনা নকৰিবা, উদযাপন কৰা। উদযাপন কৰিব পাৰিলে প্ৰতিপক্ষক সহজে হাতলৈ আনিব পাৰি। হাৰ্দিকে ঠিক তেনেকুৱাই কৰিলে।’

    শচীনৰ দলৰ  অ’পেনাৰ হিচাপে নিৰ্বাচিত কৰিছে জছ বাটলাৰ আৰু শিখৰ ধাৱান। এইবাৰ প্ৰতিযোগিতাখনত বাটলাৰে ৮৬৩ ৰান সংগ্ৰহ কৰিছে। লগত আছে চাৰিটা শতকীয় ইনিংছ। ইফালে, শিখৰ ধাৱনে প্ৰতিযোগিতাখনত ৪৬০ ৰান সংগ্ৰহ কৰিছে। লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক লোকেশ ৰাহুলে তিনি নম্বৰত বেটিং কৰিব। বাটলাৰৰ পিছতে ৰাহুল দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী। ১৫টা ইনিংছত ৬১৬ ৰান সংগ্ৰহ কৰিছে ৰাহুলে।

    তেণ্ডুলকাৰে কয়, ‘ৰাহুল এনে এজন বেটছমেন যিয়ে ছিংগল ৰান ল’ব পাৰে আৰু প্ৰয়োজনত অ’ভাৰ বাউণ্ডেৰীও মাৰিব পাৰে। ৪ নম্বৰৰ বাবে তেণ্ডুলকাৰৰ পছন্দৰ খেলুৱৈ হৈছে পাণ্ডিয়া। পাঁচ নম্বৰত ডেভিড মিলাৰ। ৰাইট আৰু লেফ্ট হেণ্ড কম্বিনেশ্যন বজাই ৰাখিবলৈ পঞ্চম স্থানত ৰাখিছে কিলাৰ মিলাৰক। ইয়াৰ পিছতে থাকিব লিয়াম লিভিংষ্টোন আৰু দীনেশ কাৰ্তিক। শচীনৰ একাদশত মূল বলাৰ হিচাপে ৰছিদ খান, মহম্মদ ছামী, যছপ্ৰীত বুমৰাহ আৰু যুজবেন্দ্ৰ চাহাল।