স্বাস্থ্য
ডিজিটেল ডেস্কঃ বাৰ্চিলোনাৰ
ডিফেণ্ডাৰ জেৰাৰ্ড পিকেৰ সৈতে বিচ্ছেদ হোৱাৰ পিছত ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীলৈ প্ৰেৰণ কৰা বাৰ্তাৰ
প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কলম্বিয়াৰ জনপ্ৰিয় গায়িকা ছাকিৰাই। প্ৰায় এটা দশকৰ পিছত প্ৰেমিকৰ সৈতে বিচ্ছেদ হয় ছাকিৰা। এইবাৰ টুইটাৰত পিতৃৰ সৈতে এখন ছবি পোষ্ট
কৰিছে ছাকিৰাই। ‘ৱাকা ৱাকা’ৰ দৰে গীতৰ যোগেদি অনুৰাগীক মোহাচ্ছন্ন কৰি তোলা কণ্ঠশিল্পীগৰাকীক
চিকিৎসালয়ৰ বিচনাত চিকিৎসাধীন হৈ থকা পিতৃৰ যত্ন লোৱা দেখিবলৈ
পোৱা গৈছে।
তেওঁ লিখিছে, ‘শেহতীয়াকৈ বাৰ্চিলোনাত এম্বুলেন্সত মোক দেখাৰ পিছত বহু
উদ্বেগজনক বাৰ্তা পাইছো। মই মাত্ৰ ক’ব বিচাৰিছো যে ছবিখন যোৱা সপ্তাহৰ আছিল। সেই সময়ত দেউতা
হঠাতে অসুস্থ হৈ পৰিল আৰু মই তেওঁক এম্বুলেন্সেৰে চিকিৎসালয়লৈ লৈ গৈছিলো, এতিয়া তেওঁ সুস্থ
হোৱাৰ দিশে। তেওঁৰ বাবে সকলো শুভকামনা
প্ৰেৰণ কৰক। আপোনালোকৰ মৰম আৰু ভলপোৱাৰ বাবে ধন্যবাদ।’
শনিবাৰে পুৱা ছাকিৰা আৰু
পিকেৰ বিচ্ছেদৰ
কথা ছ’চিয়েল মিডিয়াত বিয়পি পৰে। তাৰকা দম্পতীৰ
দুটা পুত্ৰ সন্তান আছে। বছৰ বছৰ ধৰি তেওঁলোকে বাৰ্চিলোনাৰ
উপকণ্ঠ অঞ্চলত বাস কৰি আহিছে বুলি জানিবলৈ পোৱা গৈছে। বিচ্ছেদৰ প্ৰসংগ মুকলিকৈ অৱতাৰণা কৰি এক বিবৃতিত তাৰকা দম্পতীয়ে
কয় যে, ‘অতি দুখৰে সৈতে আমি আমাৰ বিচ্ছেদৰ কথা ঘোষণা
কৰিছো। এই সিদ্ধান্ত আমাৰ সন্তানৰ ভৱিষ্যতৰ স্বাৰ্থত।
Leave A Comment