• টেনিছক বিদায় জনাব ছানিয়াই! ইউএছ অপেনৰ পাছতে এৰিব পেচাদাৰী প্ৰতিযোগিতা!

    ক্ৰীড়া
    টেনিছক বিদায় জনাব ছানিয়াই! ইউএছ অপেনৰ পাছতে এৰিব পেচাদাৰী প্ৰতিযোগিতা!
    ডিজিটেল ডেস্ক : টেনিছক বিদায় জনাব ভাৰতীয় তাৰকা ছানিয়া মিৰ্জাই! ছানিয়াই এই বছৰৰ ইউএছ অ'পেনৰ পাছতে টেনিছক বিদায় জনাব বুলি চৰ্চা চলা দেখিবলৈ পোৱা গৈছে। কাৰণ এই বছৰটো খেলুৱৈগৰাকীৰ টেনিছ কেৰিয়াৰৰ শেষ বছৰ হ'ব বুলি ছানিয়াই পূৰ্বে মন্তব্য কৰিছিল। কিন্তু তেওঁ কেতিয়া অৱসৰ ল'ব সেয়া সঠিককৈ কোৱা নাছিল। 

    ছানিয়াই মঙলবাৰে কৈছিল যে, তেওঁ বছৰটোৰ অন্তিম গ্ৰেণ্ড শ্লাম ইউএছ অপেন খেলি অৱসৰ লোৱাৰ পৰিকল্পনা কৰিছে। অৱশ্যে, যদি তেওঁ নতুনকৈ আঘাতপ্ৰাপ্ত হয়, তেন্তে তেওঁ তাৰ পূৰ্বেও অব্যহতি ল'ব পাৰে৷ ছটা গ্ৰেণ্ডশ্লেম বঁটা লাভ কৰিবলৈ সক্ষম হোৱা তাৰকা খেলুৱৈগৰাকীয়ে বৰ্তমান ফ্ৰেঞ্চ অ'পেনৰ বাবে প্ৰস্তুতি চলাই আছে। 

    তেওঁ এতিয়া ৰোমৰ ক্লে’ ক’ৰ্টত ইটালিয়ান অ'পেন খেলি আছে। ছানিয়াৰ যুটিটো হৈছে লুচি ৰাদেকাহ। সোমবাৰে প্ৰথম ৰাউণ্ডত ছানিয়া-ৰাদেকাৰ যুটিয়ে পোলেণ্ডৰ এলিছায়া ৰোচোলস্কা আৰু নিউজিলেণ্ডৰ এৰিন ৰুটলিফৰ যুটিটোক ৬-১, ৬-২ত পৰাজিত কৰিছিল। ষষ্ঠস্থান প্ৰাপ্ত ছানিয়াই এলিনা ৰিবাকিনা-লিউডমিলা চেমচোভাৰ যুটিৰ সৈতে প্ৰাক-কোৱাৰ্টাৰত খেলিব।

    ছানিয়াই কৈছিল যে যদি তেওঁৰ শৰীৰ ভালে থাকে বা নতুনকৈ আঘাতপ্ৰাপ্ত নহয় তেন্তে তেওঁ ফ্ৰেঞ্চ অ'পেনৰ পাছত বছৰটোৰ বাকী দুটা গ্ৰেণ্ডশ্লেম উইম্বলডন আৰু ইউএছ অ'পেনতো খেলিব। অৱশ্যে, তেওঁ এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই যে তেওঁ কোনবোৰ প্ৰস্তুতি প্ৰতিযোগিতাত খেলিব।