• টি২০ বিশ্বকাপ জয় কৰিলে চৌদী আৰৱত ৰাজ আতিথ্য লাভ কৰিব পাকিস্তানে, ঘোষণা চৌদী ৰাষ্ট্ৰদূতৰ

    ক্ৰীড়া
    টি২০ বিশ্বকাপ জয় কৰিলে চৌদী আৰৱত ৰাজ আতিথ্য লাভ কৰিব পাকিস্তানে, ঘোষণা চৌদী ৰাষ্ট্ৰদূতৰ
    ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপ চেম্পিয়ন হ’লে বাবৰ আজমবাহিনীয়ে লাভ কৰিব বিশেষ সন্মান। পাকিস্তান ক্ৰিকেট ব’ৰ্ড বা সেই দেশৰ চৰকাৰে নহয়, কিন্তু চৌদি আৰবে এই উদ্গণি প্ৰদান কৰিছে।

    পাকিস্তানৰ টি-২০ বিশ্বকাপ দলৰ ক্ৰিকেটাৰসকলৰ বাবে এক বিশেষ ঘোষণা কৰে পাকিস্তানত থকা ছৌদি ৰাষ্ট্ৰদূত নৱাফ বিন ছাইদ আহমেদ আল মালকিয়ে। তেওঁ কয় যে বাবৰ টি-২০ বিশ্বকাপ চেম্পিয়ন হ’লে অহা বছৰ হজৰ সময়ত বিশেষ অতিথিৰ মৰ্যাদা দিয়া হ’ব। দলটোৰ সকলো ক্ৰিকেটাৰে ২০২৫ চনত ছৌদি আৰৱৰ ৰজাৰ অতিথি হিচাপে হজ কৰাৰ সুযোগ লাভ কৰিব।

    ৩৯ ছেকেণ্ডৰ ভিডিঅ’ বাৰ্তাযোগে ছৌদি ৰাষ্ট্ৰদূতগৰাকীয়ে কয়- ''বিশ্বকাপ জয় কৰিলে পাকিস্তানৰ মানুহে নিশ্চিতভাৱে উদযাপন কৰিব। লগতে পাকিস্তানৰ সমৃদ্ধি আৰু প্ৰগতিৰ বাবে প্ৰাৰ্থনা কৰিছো। যদি টি-২০ বিশ্বকাপ জয় হয় তেন্তে অহা বছৰ পাকিস্তান দলৰ সকলো ক্ৰিকেটাৰে হজৰাজৰ অতিথিৰ মৰ্যাদা লাভ কৰিব।’’