ডিজিটেল ডেস্ক: ১৩ বছৰীয়া খেলুৱৈ জীৱনৰ পৰিসমাপ্তি ঘটালে বাওঁহাতীয়া অ’পেনিং বেটছমেন শিখৰ ধাৱানে৷ সীমিত অভাৰৰ ফৰ্মেটৰ বাবেও বিখ্যাত ক্ৰিকেটাৰ গৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা সদৰি কৰিছে। ভৰতীয় ক্ৰিকেট অনুৰাগীৰ হৃদয় আলোড়িত কৰা ভাৰতীয় ক্ৰিকেট দলৰ গুৰুত্ব পূৰ্ণ খেলুৱৈ শিখৰ ধাৱানৰ সফল খেলুৱৈ জীৱনৰ পৰিসমাপ্তিৰ খবৰে তেঁওৰ অনুৰাগী সকলক আবেগিক কৰি তুলিছে।
২০০৪ চনত ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত তিনিটা শতক অৰ্জন কৰি খ্যাতি আৰ্জন কৰা ক্ৰিকেটাৰ গৰাকীয়ে, ২০১০ চনৰ অক্টোবৰ মাহত ভাৰতীয় দলৰ হৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত অভিষেক ঘটায়। ২০১৩ চনৰ মাৰ্চ মাহত টেষ্ট ক্ৰিকেটত অভিষেক ঘটায়। এই সময়ছেৱাতে
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৮৭ ৰান সংগ্ৰহ কৰি আটাইতকৈ দ্ৰুত শতক অৰ্জন কৰাৰ অভিলেখ গঢ়ে। ২০১৩ চনৰ আই চি চি চেম্পিয়নছ ট্ৰফীত ‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট’ খিতাপ লাভ কৰিছিল। ২০১৫ চনৰ বিশ্বকাপ ক্ৰিকেটত ভাৰতীয় দলৰ হৈ অধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছিল বাওঁহাতীয়া অ’পেনিং বেটছমেন গৰাকী।ক্ৰিকেটাৰ গৰাকীয়ে দিল্লী, ছানৰাইজাৰ্ছ হায়দৰাবাদ, আৰু পঞ্জাব কিংছকে ধৰি কেইবাটাও ঘৰুৱা দলৰ হৈ খেলিছিল।
ক্ৰিকেটাৰ গৰাকীৰ আগ্ৰাসী বেটিং শৈলী আৰু আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা মঞ্চত ধাৰাবাহিক ভাবে দুৰ্দান্ত প্ৰদৰ্শনেৰে ভৰতীয় ক্ৰিকেটৰ ইতিহাসত সোণালী আখৰেৰে লিখি যোৱাৰ লগতে হাজাৰ হাজাৰ অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছ্ল।
Leave A Comment