• ক্ৰিকেটে নহয়, এইবাৰ অভিনয় কৰিব ধাৱানে! শীঘ্ৰেই ছবিগৃহত গব্বৰৰ প্ৰথম ছবি

    ক্ৰীড়া
    ক্ৰিকেটে নহয়, এইবাৰ অভিনয় কৰিব ধাৱানে! শীঘ্ৰেই ছবিগৃহত গব্বৰৰ প্ৰথম ছবি
    ডিজিটেল ডেস্কঃ ২০২২ চনৰ আইপিএলৰ নিলামৰ পিছত শিখৰ ধাৱানক পঞ্জাৱ কিংছৰ হৈ খেলা দেখা গৈছিল। ধাৱানে সদ্য সমাপ্ত আইপিএল ছিজনতো সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। কিন্তু এইবাৰ জীৱনৰ এটা নতুন ইনিংছ আৰম্ভ কৰিবলৈ ওলাইছে গব্বৰ খ্যাত শিখৰ ধাৱানে।

    ২২গজৰ খেলপথাৰত নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ পিছত এইবাৰ কেমেৰাৰ সন্মুখত নিজৰ কৰিশ্মা দেখুৱালৈ ওলাইছে শিখৰ ধাৱানে। এই খবৰ লাভ কৰাৰ পাছতে উৎফুল্লিত হৈ পৰিছে ধাৱানৰ অনুৰাগী।

    হৰভজন সিং আৰু ইৰফান পাঠানৰ পাছত এইবাৰ শিখৰ ধাৱনেও খেলপথাৰৰ পৰা মূলসুঁতিৰ বলীউডত আত্মপ্ৰকাশ কৰা দেখিবলৈ পোৱা যাব। আৰু ইয়াৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে শিখৰ ধাৱান। পিংকভিলাৰ এটা প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।

    কিছুদিন পূৰ্বে শিখৰ ধাৱানৰ ছবিৰ শ্বুটিং শেষ হৈছে বুলি কোৱা হৈছে। পৰৱৰ্তী প্ৰক্ৰিয়া শেষ হোৱাৰ লগে লগে মুক্তি পাব ছবিখন। অৱশ্যে, ধাৱান অভিনীত ছবিখনৰ নাম এতিয়াও প্ৰকাশ হোৱা নাই।