ডিজিটেল ডেস্কঃ আৰম্ভ হ’ল আইপিএল ২০২৫ মেগা নিলামী ৷ পঞ্জাৱ কিংছে ২৬.৭৫ কোটি টকাত ক্ৰয় কৰিছে শ্ৰেয়াছ আয়েৰক। ইয়াৰ লগে লগে শ্ৰেয়াছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হৈছে।
ইয়াৰ পূৰ্বে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আটাইতকৈ দামী খেলুৱৈ আছিল অষ্ট্ৰেলিয়াৰ মিচেল ষ্টাৰক, যাক কেকেআৰে ২৪.৭৫ কোটি টকাত ক্ৰয় কৰিছিল আইপিএল ২০২৪ৰ নিলামত। মেগা নিলামত আৰম্ভণিৰ পৰা শেষলৈকে শ্ৰেয়াছ আয়াৰৰ বাবে দিল্লী কেপিটেলছ আৰু পঞ্জাব কিংছৰ মাজত প্ৰচণ্ড যুঁজ হৈ আহিছে।
আৰ্শদীপ সিঙৰ ভিত্তি মূল্য আছিল ২ কোটি টকা, কেকেআৰে তেওঁৰ ওপৰত প্ৰথম নিবিদা দিছিল কিন্তু ৯.৭৫ কোটি টকাৰ বাহিৰলৈ নাযাবলৈ সিদ্ধান্ত লয়। ইয়াৰ পিছত পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছে ইটোৰ পিছত সিটোকৈ এক কোটি টকাৰ নিবিদা দিয়ে।
শ্ৰেয়াছ আয়াৰৰ ওপৰত নিবিদা ১৫ কোটি, তাৰ পিছত ২০ কোটি আনকি ২৫ কোটি টকা অতিক্ৰম কৰিলে। পঞ্জাবে যেতিয়া ২৬.২৫ কোটি টকাৰ দৰদাম কৰে, তেতিয়া দিল্লীৰ পৰিচালনা সমিতিৰ মুখ মেল খালে লগতে বিভ্ৰান্তিৰ অৱস্থাত দেখা গ’ল। দিল্লীয়ে ২৬.৫০ কোটি টকাৰ দৰত নিলামী কৰি থমকি ৰ’ব লগা হয় ৷আনহাতে পঞ্জাবে কিংছে ২৬.৭৫ কোটি টকাৰ নিবিদা দি আয়েৰক নিজৰ দলত সংযোজন কৰাত সফল হয়।
Leave A Comment