• ভাৰত-পাকিস্তানৰ মেচত অৰ্শদ্বীপক লৈ বৰ্ণবাদী মন্তব্য! পাকিস্তানী ক্ৰিকেটাৰক তুলা ধূণা দিলে হৰভজন সিঙে

    ক্ৰীড়া
    ভাৰত-পাকিস্তানৰ মেচত অৰ্শদ্বীপক লৈ বৰ্ণবাদী মন্তব্য! পাকিস্তানী ক্ৰিকেটাৰক তুলা ধূণা দিলে হৰভজন সিঙে
    ডিজিটেল ডেস্কঃ ভাৰত-পাকিস্তানৰ মেচক কেন্দ্ৰ কৰি বৰ্ণবাদ। পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ কামৰাণ আকমালে দিয়া এক বক্তব্যক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। ইয়াৰ উত্তৰ দিছে হৰভজন সিঙে।

    সেই দেশৰ চেনেলত ভাৰত-পাকিস্তানৰ খেলখনৰ বিষয়ে এটা অনুষ্ঠান আছিল। শেষৰ অভাৰত আৰ্শদীপ সিঙে বলিং কৰিবলৈ অহাৰ লগে লগে কামৰানে কয়, “ইতিমধ্যে ৰাতি ১২ বাজিছে। এতিয়া কোনো শিখক বল কৰিবলৈ দিয়া উচিত নহয়।” 

    উল্লেখ্য যে মাজনিশা ১২ বজাৰ পিছত শিখসকলক যিকোনো কথা কোৱাটো বৰ্ণবাদী বুলি গণ্য কৰা হয়। এই বৰ্ণবাদৰ আৰম্ভণি হৈছিল মোগল যুগৰ এক ঘটনাৰ পৰা।

    কামৰাণৰ মন্তব্যৰ উত্তৰ দিলে হৰভজনে। তেওঁ ক’লে, “কামৰাণ আকমলক গালি পৰা উচিত। প্ৰথমে শিখৰ ইতিহাস জানি লওক। তাৰ পিছত আপোনাৰ লেতেৰা মুখখন মেলিব। নিশা ১২ বজাতে শিখসকলে তোমাৰ মা আৰু ভনীয়েকক বচাইছিল। তুমি লাজ কৰা উচিত।”